শ্ৰীনগৰ: জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ (Article 370) বাতিলৰ সপ্তম বৰ্ষপূৰ্তিৰ ঠিক এদিন পূৰ্বে মঙলবাৰে নিশা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ (PDP) অধ্যক্ষ মেহবুবা মুফতিয়ে শ্ৰীনগৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
মেহবুবা মুফতিৰ নেতৃত্বত কেইবা ডজন পিডিপি কৰ্মীয়ে শ্ৰীনগৰস্থিত দলৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত মমবাতি জ্বলাই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদৰ সময়ত তেওঁ জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ অধিকাৰ আৰু ২০১৯ চনৰ ৫ আগষ্টত কাঢ়ি লোৱা সাংবিধানিক বিশেষ মৰ্যাদা পুনৰ ঘূৰাই আনিব লাগিব বুলি জোৰ দি মন্তব্য কৰে।
পিডিপিৰ নেত্ৰীগৰাকীয়ে কয় যে ৫ আগষ্ট, ২০১৯ তাৰিখে লোৱা সিদ্ধান্ত জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয়।