শ্ৰীনগৰ: সন্ত্ৰাসবাদৰ সৈতে জড়িত এটা গুৰুতৰ গোচৰৰ সন্দৰ্ভত শনিবাৰে কাশ্মীৰ উপত্যকাৰ কেইবাটাও স্থানত জোৰদাৰ অভিযান চলায় ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (NIA)। অফিচিয়েল সূত্ৰে প্ৰকাশ পাইছে যে চলিত বৰ্ষৰ সন্ত্ৰাসবাদ সম্পৰ্কীয় গোচৰৰ (RC-02/2026/NIA/JMU) তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰাৰ উদ্দেশ্যেই এই তালাচী চলোৱা হৈছে।

মিলিছেতি খবৰ অনুসৰি, এনআইএৰ বিশেষ দলসমূহে স্থানীয় আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সহযোগত কুলগাম, বাণ্ডিপোৰা আৰু গান্দৰবাল জিলাৰ কেইবাটাও আৱাসিক পৰিসৰত এই অভিযান অব্যাহত ৰাখে। ইয়াৰ উপৰিও বাৰামুল্লা জিলাৰ ছোপোৰ অঞ্চলতো সন্দেহজনক স্থানসমূহ তালাচী চলোৱা হয়।

সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে এই গোচৰটোৰ গভীৰ তদন্ত অব্যাহত আছে আৰু সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে জড়িত মূল ব্যক্তি তথা অন্যান্য তথ্যৰ সন্ধানত এই অভিযান চলোৱা হৈছে। অভিযান সম্পূৰ্ণ হোৱাৰ পিছত এনআইএৰ তৰফৰ পৰা এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে বিস্তাৰিত তথ্য প্ৰকাশ কৰা হ’ব বুলি জানিব পৰা গৈছে।