শ্ৰীনগৰ: জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীয়ে টাৰ্গেট কৰিছে নিৰীহ শ্ৰমিকক। কুলগাম জিলাত সন্ত্ৰাসবাদীয়ে চলোৱা এক আক্ৰমণত এজন অনা-স্থানীয় শ্ৰমিক নিহত হোৱাৰ বিপৰীতে আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। এই আক্ৰমণৰ পিছতে উপত্যকাত ত্ৰাসৰ সৃষ্টি হৈছে আৰু সুৰক্ষা বাহিনীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।

প্ৰাপ্ত তথ্য অনুসৰি, সন্ত্ৰাসবাদীয়ে কুলগামৰ কেলাম (Kelam) অঞ্চলৰ এটা ইটাভাটিত অতর্কিতে প্ৰৱেশ কৰি এই গুলীচালনাৰ ঘটনা সংঘটিত কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত শ্ৰমিক দুজনক তত্‍ক্ষাত্ৰীভাৱে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাত এজন শ্ৰমিকৰ মৃত্যু ঘটে। আনজন আহত শ্ৰমিকক উন্নত চিকিৎসাৰ বাবে জিএমচি (GMC) অনন্তনগৰ হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে জম্মু-কাশ্মীৰ আৰক্ষী, ভাৰতীয় সেন আৰু চিআৰপিএফৰ যুটীয়া বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে। আক্ৰমণকাৰী সন্ত্ৰাসবাদী কেইজনক বিচাৰি সুৰক্ষা বাহিনীয়ে বৰ্তমান অঞ্চলটোত ঘৰে ঘৰে তালাচী অভিযান অব্যাহত ৰাখিছে। নিৰীহ শ্ৰমিকৰ ওপৰত হোৱা এই কাপুৰুষীয়া আক্ৰমণক স্থানীয় লোক আৰু বিভিন্ন মহলে তীব্ৰ গৰিহণা দিছে।