নতুন দিল্লী: কাউণ্টাৰ টেৰ’ৰিজম আৰ্কিটেকচাৰ অৰ্থাৎ সন্ত্ৰাসবাদ প্ৰতিৰোধী ব্যৱস্থাটোত ভাৰতে মহিলাৰ ভূমিকা শক্তিশালী কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ প্ৰাথমিক পৰ্যায় হিচাপে ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী (এন এছ জি) প্ৰশিক্ষণ একাডেমীয়ে ৰাজ্যিক আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ)ৰ মহিলা কৰ্মীসকলৰ বাবে প্ৰথমবাৰৰ বাবে 'মহিলা কমাণ্ডো কনভাৰ্জন কোৰ্চ' (MCCC) আৰম্ভ কৰিছে।
২৪ আগষ্টৰ পৰা মানেসৰস্থিত এনএছজি প্ৰশিক্ষণ একাডেমীত আৰম্ভ হোৱা এই ১২ সপ্তাহৰ বিশেষ কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে নিৰ্বাচিত মহিলা কৰ্মীসকলক শাৰীৰিকভাৱে শক্তিশালী, কাৰিকৰীভাৱে দক্ষ আৰু অভিযানৰ বাবে সম্পূৰ্ণ প্ৰস্তুত কমাণ্ডোলৈ ৰূপান্তৰিত কৰা। এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে সন্ত্ৰাসবাদ বিৰোধী আৰু আভ্যন্তৰীণ নিৰাপত্তা অভিযানৰ জটিল দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ সক্ষম হ'ব।
নাৰী শক্তিৰ নতুন মাইলৰ খুঁটিএই পদক্ষেপে কেৱল প্ৰতিনিধিত্ব বৃদ্ধি কৰিয়েই ক্ষান্ত নাথাকি, মহিলাসকলক উচ্চ বিপদজনক আৰু জটিল অভিযানৰ বাবে প্ৰয়োজনীয় কাৰ্যকৰী ক্ষমতা আৰু পেছাদাৰী দক্ষতাৰে সজ্জিত কৰাত গুৰুত্ব আৰোপ কৰিছে। পৰিকল্পনা অনুসৰি এনএছজিয়ে বিভিন্ন ৰাজ্যিক আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (CAPF) মহিলা কৰ্মীসকলৰ সৈতে নিজৰ বিশেষ সন্ত্ৰাসবাদ বিৰোধী অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰিব।
এই কাৰ্যসূচীয়ে নিৰাপত্তা বাহিনীসমূহৰ মাজত উমৈহতীয়া পেছাদাৰী মানদণ্ড প্ৰসাৰিত কৰাৰ লগতে জটিল অভিযানৰ সময়ত কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত আন্তঃকাৰ্যক্ষমতা (Interoperability) যথেষ্ট বৃদ্ধি কৰিব। পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰশিক্ষিত কমাণ্ডোসকলে উন্নত কাৰ্যকৰী দক্ষতা আৰু বিশেষ জ্ঞান লৈ নিজৰ নিজৰ মূল বাহিনীলৈ উভতি যাব, যিয়ে দেশৰ সামগ্রিক নিৰাপত্তা পরিকাঠামো অধিক শক্তিশালী কৰি তুলিব।