নতুন দিল্লী: ৰাজধানী দিল্লীৰ বজাৰত তীব্ৰগতিত বৃদ্ধি পাইছে পিয়াঁজৰ দাম। বৰ্তমান দিল্লীৰ খুচুৰা বজাৰত পিয়াঁজ প্ৰতি কিলোগ্ৰামত ৬০ ৰ পৰা ৬৫ টকা পৰ্যন্ত বিক্ৰী হৈছে। বজাৰত পিয়াঁজৰ যোগান হ্ৰাস পোৱাৰ ফলতেই এই আকাশলংঘী মূল্যবৃদ্ধি ঘটিছে বুলি ব্যৱসায়ীসকলে প্ৰকাশ কৰিছে।
বৰ্ধিতমূল্যৰ বাবে সাধাৰণ জনতাৰ পাকঘৰৰ বাজেটত মাধমাৰ পৰিছে। মাহটোৰ শেষৰফালে শাক-পাচলিৰ এনে চৰাদামে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক বাৰুকৈয়ে চিন্তাত পেলাইছে। পাইকাৰী বজাৰতো পিয়াঁজৰ নাটনি হোৱাৰ বাবে খুচুৰা বজাৰত ইয়াৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে।
কৃষি বিশেষজ্ঞসকলৰ মতে, উৎপাদন হ্ৰাস আৰু পৰিবহণ খৰচ বৃদ্ধি হোৱাৰ বাবেই যোগান শৃংখলত ব্যাঘাত জন্ম হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চৰকাৰে সোনকালে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত দাম আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।