নতুনদিল্লী: দেশৰ নিৰাপত্তাক তীব্ৰ ভাবুকি প্ৰদান কৰি প্ৰতিৰক্ষা বিভাগৰ সংবেদনশীল তথ্য শত্ৰু ৰাষ্ট্ৰলৈ লিক কৰাৰ এক ডাঙৰ তথ্য পোহৰলৈ আহিছে। ভাৰতীয় সেনা (Army) আৰু নৌসেনা (Navy) সম্পৰ্কীয় অতি গোপনীয় তথা ক্লাচিফাইড (Classified) তথ্য পাকিস্তানৰ চোৰাংচোৱা সংস্থালৈ প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।  


প্ৰাপ্ত খবৰ অনুসৰি, চোৰাংচোৱা সংস্থাসমূহৰ যুটীয়া অভিযান আৰু কটকটীয়া নজৰদাৰীৰ অন্তত এই গ্ৰেপ্তাৰী সম্পন্ন কৰা হয়। অভিযুক্তজনে দীৰ্ঘদিন ধৰি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ বিভিন্ন গুৰুত্বপূৰ্ণ গতিবিধি, গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানেই কেৱল নহয়, সেনা আৰু নৌসেনাৰ কাৰ্যসূচীৰ খবৰো গোপনে পাকিস্তানৰ এজেণ্টসকলক যোগান ধৰি আহিছিল। 

বিশেষ সূত্ৰৰ পৰা প্ৰকাশ পোৱা মতে, ছচিয়েল মিডিয়াৰ জৰিয়তে honey-trap বা বিত্তীয় প্ৰলোভনেৰে এই চোৰাংচোৱা নেটৱৰ্কটো চলোৱা হৈছিল। সুৰক্ষা বাহিনীয়ে অভিযুক্তৰ মোবাইল ফোন আৰু অন্যান্য ইলেক্ট্ৰনিক ডিভাইচসমূহ জব্দ কৰি ইয়াৰ সৈতে জড়িত অন্যান্য লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে। বৰ্তমান দেশৰ শীৰ্ষস্থানীয় তদন্তকাৰী সংস্থাসমূহে এই স্পৰ্শকাতৰ গোচৰটো অতি গম্ভীৰতাৰে লৈ জোৰদাৰ জেৰা চলাই আছে।