নতুন দিল্লী: ৭ আগষ্ট দিনটো সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকসকলক হস্ততাঁত সামগ্ৰী ক্ৰয় কৰি আৰু ছ'চিয়েল মিডিয়াত বিভিন্ন আকৰ্ষণীয় ভিডিঅ' নিৰ্মাণ কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আহ্বান জনাইছে।
ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে নিশা প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেল আৰু অন্যান্য ছ'চিয়েল মিডিয়া একাউণ্টত এটা আকৰ্ষণীয় ভিডিঅ' বাৰ্তা পোষ্ট কৰে। উক্ত ভিডিঅ' বাৰ্তাত তেওঁ উল্লেখ কৰে যে এই দিনটো উদযাপনৰ মূল উদ্দেশ্য হৈছে দেশৰ শিপিনীসকলক উৎসাহিত কৰা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক সবল কৰি তোলা।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাত কয়, "কাইলৈ ৭ আগষ্ট, আমি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিম। আহক, ভাৰতৰ তাঁতশালৰ বৈচিত্ৰক অধিক জনপ্ৰিয় কৰি তোলাহঁক। আপোনাৰ প্ৰিয় হস্ততাঁত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰি ছ'চিয়েল মিডিয়াত 'Get Ready With Me' (GRWM) ভিডিঅ'কে ধৰি বিভিন্ন সৃজনশীল ভিডিঅ' শ্বেয়াৰ কৰক।" লগতে তেওঁ এই প্ৰচাৰ অভিযানত #NationalHandloomDay হেচটেগ ব্যৱহাৰ কৰিবলৈ সকলোকে সোঁৱৰাই দিয়ে।
উল্লেখ্য যে, ১৯০৫ চনৰ ৭ আগষ্টতে আৰম্ভ হোৱা ঐতিহাসিক স্বদেশী আন্দোলনৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে এই দিনটো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে দেশৰ গ্ৰাম্য সবলীকৰণ, মহিলা নেতৃত্বাধীন উন্নয়ন আৰু আত্মনিৰ্ভৰ ভাৰতৰ স্বৰূপ নিৰ্মাণত হস্ততাঁত খণ্ডটো এক গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰিছে। চৰকাৰে এই খণ্ডৰ উত্তৰোত্তৰ উন্নতিৰ বাবে সদায় কাম কৰি যাব বুলিও তেওঁ প্ৰকাশ কৰে