ৰামবান্ধ: জম্মু-কাশ্মীৰৰ ৰামবান্ধ জিলাত শুকুৰবাৰে পুৱা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰাপত্তা চেকেকপইণ্ট অতিক্ৰম কৰি তীব্ৰবেগেৰে পলায়ন কৰাৰ চেষ্টা চলোৱা এখন সন্দেহজনক বাহন লক্ষ্য কৰি পুলিচে গুলীচালনা কৰে।

বিষয়া সকলৰ পৰা পোৱা তথ্য অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় ৩:৩০ বজাত শ্ৰীনগৰৰ ফালৰ পৰা জম্মু অভিমুখে আহি থকা এটা সন্দেহজনক এছ.ইউ.ভি. (স্কৰপিঅ') বাহনক চাণ্ডাৰকোট (Chanderkote) অঞ্চলৰ নিৰাপত্তা চেকেকপইণ্টত থকা পুলিচ কৰ্মীসকলে ৰাখিবলৈ সংকেত দিছিল। কিন্তু নিৰাপত্তা বাহিনীৰ নিৰ্দেশ অমান্য কৰি চালকজনে বাহনখনৰ গতি তীব্ৰ কৰি নাশ্ৰী (Nashri) ৰ ফালে পলুৱাই লৈ যায়।

পুলিচে জনোৱা মতে, পলায়নৰ প্ৰয়ষ্ট কৰা বাহনখনক ৰোধ কৰাৰ উদ্দেশ্যে নিৰাপত্তা বাহিনীয়ে তিনিজাই সতৰ্কতামূলক গুলীচালনা কৰে, যদিও বাহনখনে তীব্ৰ গতিৰে আগবাঢ়ি যায়। ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত এক হাই-এলাৰ্ট জাৰি কৰা হয়।

পুলিচ, চি.আৰ.পি.এফ. আৰু ভাৰতীয় সেনাই যুটীয়াভাৱে এক বৃহৎ তালাচী অভিযান চলাই পিছত ডলৱাছ (Dalwas) অঞ্চলৰ পৰা পৰিত্যক্ত অৱস্থাত সন্দেহজনক বাহনখন জব্দ কৰে। অৱশ্যে, নিৰাপত্তা বাহিনীয়ে বাহনখন উদ্ধাৰ কৰাৰ পূৰ্বেই চালকসহ ইয়াৰ ভিতৰত থকা লোকসকল পলায়ন কৰিবলৈ সক্ষম হয়।

বৰ্তমান নিৰাপত্তা বাহিনীয়ে পলাতক আৰোহীসকলক বিচাৰি ড্ৰ’ন আৰু চি.চি.টি.ভি. ফুটেজৰ সহায়ত তীব্ৰ তালাচী অভিযান অব্যাহত ৰাখিছে। চলিত অমৰনাথ যাত্ৰাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ঘটনাই নিৰাপত্তা ব্যৱস্থাক অধিক কটকটীয়া কৰি তুলিছে। পুলিচে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত এক বিস্তৃত তদন্ত আৰম্ভ কৰিছে।