নতুনদিল্লীঃ দেশজুৰি চলা বিভিন্ন বিতৰ্ক আৰু পৰীক্ষাৰ অনিয়মৰ অভিযোগৰ মাজতে পদত্যাগ কৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ স্থানত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দেওবাৰে আনুষ্ঠানিকভাৱে দেশৰ নতুন শিক্ষামন্ত্ৰী হিচাপে অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণ কৰাৰ পিছতে তেওঁ মন্ত্ৰালয়ৰ সৈতে জড়িত সকলো তথ্য আৰু নীতিগত বিষয় গভীৰভাৱে পৰ্যালোচনা কৰাত গুৰুত্ব আৰোপ কৰিছে।
সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি এই গুৰুত্বপূৰ্ণ দায়িত্ব অর্পণ কৰিছে। তেওঁ কয়, "মই কালি কৰ্ণাটকত আছিলো, নিশা দিল্লীলৈ আহি আজি পুৱা কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ। বৰ্তমান মই মন্ত্ৰালয়ৰ সকলো তথ্য আৰু ল’বলগীয়া সিদ্ধান্তসমূহ পৰ্যালোচনা কৰি আছো।
"যোশীয়ে লগতে কয় যে শিক্ষা বিভাগটো এটা অত্যন্ত বৃহৎ বিভাগ আৰু তেওঁ জ্যেষ্ঠ বিষয়া সকলৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হৈ সমগ্ৰ কাৰ্যপ্ৰণালী বুজি পাবলৈ চেষ্টা চলাইছে। বিষয়টো সম্পূৰ্ণৰূপে বুজি পোৱাৰ পিছত তেওঁ এই বিষয়ে সৱিস্তৰে মন্তব্য আগবঢ়াব বুলি প্ৰকাশ কৰে
উল্লেখ্য যে, ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এক চৰকাৰী বিবৃতি অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শমর্মে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰে। ইয়াৰ পিছতে প্ৰহ্লাদ যোশীয়ে তেওঁৰ পূৰ্বৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ দায়িত্বৰ লগতে শিক্ষামন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্বও হাতত লয়।
দায়িত্ব গ্ৰহণ কৰি প্ৰহ্লাদ যোশীয়ে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায় আৰু সৰ্বান্তঃকৰণেৰে এই দায়িত্ব পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বৰ্তমান দেশৰ শিক্ষা খণ্ডত সুস্থিৰতা ঘূৰাই অনা আৰু শৈক্ষিক সংস্কাৰ ত্বৰান্বিত কৰাটো নতুন মন্ত্ৰীগৰাকীৰ বাবে এক প্ৰধান প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে