নতুন দিল্লী: প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ নামত চলি অহা বিভিন্ন অনিয়ম বা অসৎ ব্যৱহাৰৰ বিৰুদ্ধে আইনী কাঠামো আৰু অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আজি সংসদত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সোমবাৰে লোকসভাত দেশজুৰি চৰ্চিত ‘ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬’ উত্থাপন কৰা হ’ব।
কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে সদনত এই বিধেয়কখন আনুষ্ঠানিকভাৱে উত্থাপন কৰিব। ৰাজহুৱা পৰীক্ষাৰ ব্যৱস্থাত স্বচ্ছতা আৰু অখণ্ডতা বৰাই ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উদ্দেশ্যেই ‘ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) আইন, ২০২৪’ৰ সংশোধন ঘটাই এই নতুন বিধেয়কখন অনা হৈছে। এই সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এক চৰকাৰী অধিসূচতো জাৰি কৰা হৈছে।
বিধেয়কখনৰ প্ৰধান বৈশিষ্ট্যসমূহ:
কঠোৰ শাস্তি: দোষী সাব্যস্ত হোৱা ব্যক্তিসকলৰ বাবে ১০ বছৰলৈকে কাৰাদণ্ড আৰু ১০ কোটি টকা পৰ্যন্ত বৃহৎ জৰিমনাৰ বিধান ৰখা হৈছে।
সম্পত্তি বাজেয়াপ্ত: অন্যায় উপায় অৱলম্বন কৰি দোষী সাব্যস্ত হোৱা লোকসকলৰ অবৈধ সম্পত্তি বাজেয়াপ্ত কৰাৰ ব্যৱস্থা থাকিব।
ফাষ্ট ট্ৰেক আদালত: পৰীক্ষা সংক্ৰান্তীয় অপৰাধসমূহৰ দ্ৰুত বিচাৰৰ বাবে বিশেষ ফাষ্ট ট্ৰেক আদালত স্থাপন কৰা হ’ব। এই আদালতসমূহে মাত্ৰ তিনি মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ৰায়দান কৰাটো বাধ্যতামূলক কৰা হৈছে।
শুকুৰবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেট বৈঠকত এই সংশোধনী বিধেয়ক আৰু ইয়াৰ আনুষংগিক বিধানসমূহক অনুমোদন জনোৱা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পূৰ্বে নিজৰ অফিচিয়েল ‘এক্স’ (X) একাউণ্টত প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাত প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিৰুদ্ধে কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনিয়মে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ মনত গভীৰ দুখ-কষ্টৰ সৃষ্টি কৰে, যাৰ বাবে চৰকাৰে ছাত্ৰ সমাজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ কোনো ত্রুটি ৰাখিব বিচৰা নাই।
আশা কৰা হৈছে যে অহা সপ্তাহত সংসদৰ চলিত অধিৱেশনতে এই গুৰুত্বপূৰ্ণ বিধেয়কখনৰ ওপৰত বিতং আলোচনা আৰু সন্মতি গ্ৰহণ কৰা হ’ব