আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ঘটনাটো সংঘটিত হৈছিল তাছিমো গাঁৱৰ এটা অসম্পূৰ্ণ কলেজ চৌহদত। নিহত সৌৰভ কুশবাহ আৰু অভিযুক্ত ১৫ বছৰীয়া কিশোৰজন ভাল বন্ধু আছিল। ছচিয়েল মিডিয়া প্লেটফৰ্ম যেনে ইনষ্টাগ্ৰাম আৰু ফেচবুকত অধিক ভিউজ তথা কমেণ্ট লাভ কৰাৰ আশাত তেওঁলোকে নিয়মীয়াকৈ চুটি ভিডিঅ' বা ৰিল বনাইছিল।
ঘটনাৰ দিনটোতো দুয়োটা বন্ধু এটা নতুন ৰিল বনাচৰ উদ্দেশ্যে উক্ত অসম্পূৰ্ণ কলেজৰ দেৱালৰ কাষলৈ গৈছিল। তেওঁলোকৰ লগত এটা অবৈধ আগ্নেয়াষ্ট্ৰও আছিল। ভিডিঅ'টোত প্ৰথমে কোন প্ৰথমে কেমেৰাৰ সন্মুখলৈ আহিব বা আগত কোন থাকিব, সেইটোক লৈ দুয়োৰে মাজত বিতৰ্কৰ সৃষ্টি হয়। তৰ্ক আৰম্ভ হোৱাৰ লগে লগে ক্ষোভৰ বশৱৰ্তী হৈ ১৫ বছৰীয়া কিশোৰজনে হাতত থকা মাৰণাস্ত্ৰৰে সৌৰভৰ মূৰলৈ লক্ষ্য কৰি গুলী চালনা কৰে।
পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সৌৰভক ততাতৈয়াকৈ ধৌলপুৰ হাস্পতাললৈ লৈ যোৱা হয় যদিও অৱস্থা বেয়া হোৱাত আগ্ৰালৈ স্থানান্তৰ কৰা হয়। কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে কিশোৰজনৰ অৱস্থা অধিক অৱনতি ঘটাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
এই সন্দৰ্ভত নিহত সৌৰভৰ খুৰাকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ প্ৰতিশাসনিক বিষয়া বিকাশ চাংৱানে জনোৱা মতে, তদন্তৰ জৰিয়তে পোহৰলৈ অহা বিভিন্ন তথ্যৰ ভিত্তিত অভিযুক্ত নাবালকজনক আটক কৰি সোধা-পোছা অব্যাহত ৰখা হৈছে। সামান্য এটা ভিডিঅ' বা ৰিলৰ বাবে হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে কিশোৰ সমাজৰ মাজত প্ৰযুক্তি আৰু ছচিয়েল মিডিয়াৰ অপব্যৱহাৰক লৈ গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।