কোডাদ: তেলেংগানাৰ চুৰিয়াপেট জিলাৰ কোডাদ অঞ্চলৰ সমীপত ৰাষ্ট্ৰীয় পথত এক মৰ্মান্তিক আৰু ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ঘটনাস্থলীতে ৩ জন লোকৰ প্ৰাণহানি ঘটে আৰু আন কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, এখন তীব্ৰবেগী কাৰ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই এই শোকাৱহ পৰিস্থিতিৰ সৃষ্টি হয়। সংঘৰ্ষৰ প্ৰচণ্ড শব্দত স্থানীয় লোকসকল দৌৰি আহি উদ্ধাৰ অভিযান আৰম্ভ কৰে। খবৰ পোৱাৰ লগে লগেই স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহতসকলক ততাতৈয়াকৈ নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰিছে। এই পথ দুৰ্ঘটনাৰ বাবে অঞ্চলটোত কিছু সময়ৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।