নতুন দিল্লী: ২৬ দিনীয়া দীঘলীয়া অনশন ভংগ কৰাৰ পিছতে নিজৰ সিদ্ধান্তক লৈ উত্থোৱা বিভিন্ন প্ৰশ্ন আৰু সমালোচনাৰ মুখামুখি হৈছে পৰিৱেশ কৰ্মী তথা বিজ্ঞানী সোণম ৱাংচুক। তেওঁ চৰকাৰৰ সৈতে কোনো চুক্তিত উপনীত হৈছে বুলি একাংশই উত্থাপন কৰা অভিযোগ তীব্ৰভাৱে খণ্ডন কৰিছে।
শুকুৰবাৰে গভীৰ নিশা ছ’চিয়েল মিডিয়াত পোষ্ট কৰা এটা ভিডিঅ’ বাৰ্তাত ৱাংচুকে স্পষ্ট কৰি দিয়ে যে তেওঁৰ বিৰুদ্ধে অনা এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। অনশন ভংগ কৰাৰ প্ৰসংগত তেওঁ কয় যে ২০২৫ চনৰ ২৪ ছেপ্টেম্বৰত লাডাখত যুৱক-যুৱতীসকলৰ ওপৰত চলোৱা নিৰ্দয় গুলীচালনাৰ ঘটনা তেওঁৰ মনত আছে। দিল্লীৰ বৰ্তমানৰ পৰিস্থিতিতো প্ৰতিবাদকাৰীসকলৰ ওপৰত তেনে কোনো বৃহৎ দমন বা হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাক প্ৰতিহত কৰিবলেই তেওঁ কেন্দ্ৰৰ পৰা লিখিত আশ্বাস লাভ কৰাৰ পিছত অনশন স্থগিত ৰখাৰ সিদ্ধান্ত লয়।
ভিডিঅ’টোত তেওঁ প্ৰশ্ন কৰি কয়, "যদি মই চুক্তি কৰিবলগীয়ােই হ’লহেঁতেন, তেন্তে মই ২৬ দিন ধৰি ভোকত থাকিলোহেঁতেন নে? দিল্লীৰ প্ৰচণ্ড গৰমত অনশন কৰাৰ পৰিৱৰ্তে কোনো শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি চুক্তি কৰিব নোৱাৰিলোহেঁতেন নে?" তেওঁ লগতে কয় যে প্ৰতিবাদত জড়িত ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনো হিংসা বা আইনী পৰিণতিৰ সন্মুখীন নহয়, সেইটোহে আছিল তেওঁৰ মূল অগ্ৰাধিকাৰ।আলোচনাৰ সময়ত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰা নাছিল কিয়, তাৰো ব্যাখ্যা আগবঢ়ায় ৱাংচুকে। তেওঁ কয় যে তেওঁৰ প্ৰথম লক্ষ্য আছিল প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো গোচৰ বা আইনী ব্যৱস্থা নোলোৱাটো। অৱশ্যে মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব বুলি তেওঁ এতিয়াও আস্থা প্ৰকাশ কৰিছে।উল্লেখ্য যে, ছফদৰজং হাস্পতালত থকা সময়ত তেওঁক এজন কয়দীৰ দৰে ব্যৱহাৰ কৰা হৈছিল আৰু নিজৰ মোবাইল ফোন বা লেপটপ ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লিখিত আশ্বাস আৰু সংসদত পৰীক্ষা সংস্কাৰ তথা প্ৰশ্নকাকত লিক হোৱাৰ বিষয়ত আলোচনাৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ পিছতহে তেওঁ নিজৰ ২৬ দিনীয়া ঐতিহাসিক অনশন সমাপ্ত কৰিছিল