নতুনদিল্লী: দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু স্বাস্থ্যৰ অৱনতিৰ বাবে হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অন্তত অৱশেষত সোমবাৰে মুক্তি পালে বিশিষ্ট সমাজকৰ্মী তথা জলবায়ু কৰ্মী সোণম ৱাঙচুক। গুৰুগ্ৰামৰ খ্যাতনামা ‘মেদান্ত হাস্পতাল’ৰ পৰা ডিচাৰ্জ লাভ কৰাৰ পিছত তেওঁ নিজৰ নিজৰ ৰাজ্য লডাখলৈ উভতি যোৱাৰ কথা ঘোষণা কৰিছে। লডাখলৈ উভতি যোৱাৰ পথত তেওঁ দিল্লীৰ ঐতিহাসিক ৰাজঘাটত গৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বুলি জানিব পৰা গৈছে।

ছ'চিয়েল মিডিয়া প’ষ্ট যোগে নিজৰ স্বাস্থ্যৰ আপডেট দি সোণম ৱাঙচুকে কয়, "আৰু অৱশেষত সেই দিনটো আহি উপস্থিত হ’ল... মই হাস্পতালৰ পৰা ডিচাৰ্জ পাইছোঁ। লডাখৰ পাহাৰলৈ উভতি যোৱাৰ পূৰ্বে ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম।" লগতে তেওঁ মেদান্ত হাস্পতালৰ চিকিৎসক আৰু নাৰ্ছসকলৰ গ্ৰহণ কৰা সুবানি আৰু সেৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা প্রকাশ কৰে।

উল্লেখ্য যে, NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদল আৰু অন্যান্য অসঙ্গতিসমূহৰ বিৰুদ্ধে দিল্লীৰ জন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদক সমৰ্থন জনাই সোণম ৱাঙচুকে ২৬ দিনীয়া আমৰণ অনশন আৰম্ভ কৰিছিল। বিগত শুক্ৰবাৰে নিশা তেওঁ অনশন ভঙাৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইফালে, দীৰ্ঘদিনীয়া এই আন্দোলনৰ ফলশ্ৰুতিত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছত আন্দোলনটো সফল হোৱা বুলি ঘোষণা কৰা হৈছিল।

ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জনোৱাৰ প্ৰসংগত ৱাঙচুকে সোঁৱৰাই দিয়ে যে, যেতিয়া তেওঁ চুইজাৰলেণ্ডৰ পৰা উভতি আহি জন্তৰ মন্তৰত অনশন আৰম্ভ কৰিছিল, তেতিয়াও তেওঁ প্ৰথমে ৰাজঘাটলৈ গৈ গান্ধীজীক শ্ৰদ্ধা জনাইছিল। ঠিক তেনেদৰেই এইবাৰো যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে তেওঁ পুনৰ বাপুৰ কাষলৈ যাব। শেষত, তেওঁ দেশৰ প্ৰতিগৰাকী নাগৰিক আৰু যুৱপ্ৰজন্মক এই সংগ্ৰামত সহাঁৰি জনোৱাৰ বাবে হদয়ভৰা ধন্যবাদ জ্ঞাপন কৰে।