ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ খণ্ডপীঠে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ এক ৰায়দান খাৰিজ কৰি এই গুৰুত্বপূৰ্ণ পর্যবেক্ষণ আগবঢ়াইছে। পূৰ্বৰ পুৰণি ফৌজদাৰী কাৰ্যবিধি আইন (CrPC, ১৯৭৩)ৰ ধাৰা ১৬৭ ৰ বিপৰীতে, নতুন আইনৰ ধাৰা ১৮৭(২) এ তদন্তকাৰী সংস্থাসমূহক অধিক সুবিধা প্ৰদান কৰিছে বুলি আদালতে মত প্ৰকাশ কৰে।
পূৰ্বৰ আইনী ব্যৱস্থা অনুসৰি গ্ৰেপ্তাৰৰ প্ৰথম ১৫ দিনৰ অৱসান ঘটিলে অভিযুক্তক আৰু পুলিচ জিম্মাত ৰাখিব নোৱাৰি কেৱল ন্যায়িক জিম্মালৈহে (Judicial Custody) পঠিয়াব পাৰিছিল। কিন্তু নতুন BNSS আইনৰ জৰিয়তে এই পৰিসৰ বৃদ্ধি কৰা হৈছে। খণ্ডপীঠে কয় যে তদন্তৰ প্ৰথম ৪০ বা ৬০ দিনৰ ভিতৰত মুঠ ১৫ দিনৰ সৰ্বোচ্চ সীমাৰ মজিয়াত পুলিচে প্ৰয়োজনীয়তা অনুযায়ী বিভিন্ন পৰ্যায়ত বা ভাগত অভিযুক্তক জিম্মাত ল'ব পাৰিব।
আদালতে কয় যে তদন্তৰ গতিপথত যদি কোনো নতুন তথ্য, প্ৰমাণ বা নতুন দিশ উন্মোচিত হয়, তেন্তে জিম্মাত লৈ জেৰা কৰাৰ আইনী পথ খোলা ৰাখিবলৈকে এই ব্যৱস্থা কৰা হৈছে। এই ঐতিহাসিক ৰায়ে দেশৰ তদন্তকাৰী সংস্থাসমূহক অধিক কাৰ্যক্ষম কৰি তুলিব বুলি আইনী মহলে আশা প্ৰকাশ কৰিছে।