নতুন দিল্লী: ভাৰতে পেলেষ্টাইনৰ প্ৰতি নিজৰ দৃঢ় সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰি গাজাৰ মানৱীয় সংকট দূৰ কৰিবলৈ দুখন ৰাষ্ট্ৰৰ সমাধান (Two-State Solution) আৰু তাৎক্ষণিক বিশ্বব্যাপী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। মঙলবাৰে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (UNSC) এক উচ্চস্তৰীয় বিতৰ্কৰ সময়ত আৰবী ভাষাত ভাষণ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত পাৰ্বথানেনী হৰিছে পেলেষ্টাইনীসকলৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ কথা স্পষ্টকৈ কয়। তেওঁ উল্লেখ কৰে যে ভাৰতে এক “সাৰ্বভৌম, স্বাধীন আৰু কাৰ্য্যক্ষম” পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ বাবে সদায় সপক্ষে থিয় দি আহিছে।

পশ্চিম এছিয়াৰ বৰ্ধিত সংঘাত সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে অঞ্চলটোত চলি থকা সংঘাতৰ কিছু বিৰতিৰ পিছত পুনৰ শত্ৰুতা বৃদ্ধি পোৱা আৰু আক্ৰমণ আৰম্ভ হোৱাটো অত্যন্ত চিন্তনীয় বিষয়। ভাৰতে তাৎক্ষণিকভাৱে উত্তেজনা হ্ৰাস কৰিবলৈ সংশ্লিষ্ট পক্ষসমূহক আহ্বান জনাইছে।

ইফালে, হৰমুজ প্ৰণালীৰ (Strait of Hormuz) গুৰুত্বপূৰ্ণ জলপথত বাণিজ্যিক জাহাজসমূহৰ ওপৰত হোৱা ধাৰাবাহিক আক্ৰমণক লৈও ভাৰতে তীব্ৰ অসন্তুষ্টি আৰু গৰিহণা ব্যক্ত কৰে। সামুদ্ৰিক সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত এই আক্ৰমণসমূহে গুৰুত্বপূৰ্ণ বাধাৰ সৃষ্টি কৰিছে বুলি মত প্ৰকাশ কৰে। ভাৰতে স্পষ্ট কৰি দিয়ে যে শান্তি, সুৰক্ষা আৰু আঞ্চলিক স্থিৰতা বজাই ৰখাৰ স্বাৰ্থত তাৎক্ষণিকভাৱে আলোচনা আৰু কূটনীতিৰ পথলৈ উভতি অহাটো অত্যন্ত জৰুৰী।