বাৰাণসী: উত্তৰ প্ৰদেশৰ বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত (ববাতপুৰ বিমানবন্দৰ) এক অনভিপ্রেত ঘটনাই ত্ৰাসৰ সৃষ্টি কৰে। দেওবাৰে পুৱা বিমান বন্দৰৰ সুৰক্ষা পৰীক্ষাৰ সময়ত এজন যাত্ৰীৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত বন্দুকৰ পৰা আকস্মিকভাৱে গুলীচালনা হোৱাৰ ফলত দুজন সুৰক্ষা কৰ্মচাৰী গুৰুত্বভাৱে আহত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে পুৱা প্ৰায় ৯:৩০ বজাত আজমগড়ৰ কামলেশ ৰায় নামৰ যাত্ৰীগৰাকীয়ে পত্নীৰ সৈতে মুম্বাইলৈ যোৱাৰ বাবে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানত (IX-1810) যাত্ৰা কৰিবলৈ বিমানবন্দৰত উপস্থিত হৈছিল। বিমান নিয়ম অনুসৰি তেওঁ নিজৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত বন্দুটো কঢ়িয়াই নিয়াৰ বাবে পূৰ্বেই ঘোষণা কৰিছিল।

বিমানবন্দৰৰ কাৰ্গো লজিষ্টিক এণ্ড এলায়েড চাৰ্ভিচেজ কোম্পানী লিমিটেডৰ (AAICLAS) নিৰাপত্তা কৰ্মীসকলে নিয়মাৱলী অনুসৰি অস্ত্ৰৰ পৰীক্ষা আৰু মেগজিন পৰীক্ষা চলাই থকা সময়তে হঠাৎ বন্দুকটোৰ পৰা এটা গুলী ফুটি ওলায়। এই দুৰ্ঘটনাটোত ডিউটিত থকা দুজন সুৰক্ষা স্ক্ৰীনাৰ— সুমন কুমাৰী আৰু ৰোহিত ৰাজ আঘাতপ্ৰাপ্ত হয়। গুলীচালনাৰ ফলত মহিলা কৰ্মীগৰাকীৰ ভৰি আৰু আনজন কৰ্মচাৰীৰ হাতত আঘাত লাগে।

ঘটনাৰ লগে লগে বিমানবন্দৰত হাহাকাৰ লাগে যদিও সুৰক্ষা বাহিনীয়ে তৎক্ষণাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। আহত দুয়োজনকে ততাতৈয়াকৈ কাষত থকা নিউ লক্ষ্মী ট্ৰমা চেণ্টাৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। বৰ্তমান তেওঁলোকৰ অৱস্থা সংকটমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰিছে।

বাৰাণসী বিমানবন্দৰৰ সঞ্চালক পুনীত গুপ্তাই জনোৱা মতে, পৰীক্ষাৰ সময়ত ভুলবশতঃ ট্ৰিগাৰ টিপা খাই এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ইফালে, স্থানীয় আৰক্ষী আৰু বিমান বন্দৰৰ জ্যেষ্ঠ কর্মকর্তাসকলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। অভিযুক্ত যাত্ৰীগৰাকীক আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।