নতুন দিল্লী: দেশৰ ৰাজধানী চহৰ দিল্লীত পুনৰ সংঘটিত হৈছে এক হিয়া বিদাৰক তথা নৃশংস হত্যাকাণ্ড। মণিপুৰৰ বিশিষ্ট পশ্চিমীয়া সংগীতশিল্পী তথা প্ৰখ্যাত গिटাৰ বাদক ৫৪ বছৰীয়া চংথাম বিক্ৰম সিংহক অমানুসিকভাৱে প্ৰহাৰ কৰি হত্যা কৰা ঘটনাটিয়ে সমগ্ৰ দেশৰে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ মাজত তীব্ৰ ক্ষোভ আৰু শোকৰ ছাঁ পেলাইছে। এই ঘটনাক লৈ এতিয়া তীব্ৰ গৰম হৈ পৰিছে ৰাষ্ট্ৰীয় ৰাজনীতি।
প্ৰাপ্ত খবৰ অনুসৰি, দক্ষিণ-পূব দিল্লীৰ আশ্ৰম অঞ্চলৰ কিলাকাৰী গাঁৱত বিক্ৰম সিংহই নিজৰ পৰিয়ালৰ সতে বসবাস কৰি আছিল। ৭ ছেপ্টেম্বৰৰ নিশা তেওঁৰ বাসগৃহৰ সন্মুখত থকা এখন ধাবা আৰু ডেলিভাৰী বয়ৰ দলে প্ৰচণ্ড শব্দ কৰি চিঞৰ-বাখৰ তথা হুলস্থুল কৰি আছিল। ইয়াৰ প্ৰতিবাদ কৰিবলৈ বিক্ৰম সিংহ ঘৰৰ পৰা তললৈ নামি আহে। শব্দ কমাবলৈ অনুৰোধ জনোৱাৰ বাবেই দলটোৱে তেওঁৰ ওপৰত জপিয়াই পৰে আৰু প্ৰচণ্ড ঘূচা-লাথিৰে মৰিয়াই গুৰুতৰভাৱে জখম কৰে।
পাছত তেওঁৰ পুত্ৰ য়াইফাবাই বিক্ৰম সিংহক সংকটজনক অৱস্থাত হলি ফেমিলি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকসকলে তেওঁক মৃত ঘোষণা কৰে। এই ঘটনাক কেন্দ্ৰ কৰি ছানলাইট ক'লনী আৰক্ষী থানাত এখন এজাহাৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে ইতিমধ্যে কেইবাজনকো আটক কৰি তদন্ত আৰম্ভ কৰিছে।
কংগ্ৰেছৰ তীব্ৰ আক্ৰমণ আৰু ৰাজনৈতিক প্ৰতিক্ৰিয়া: মণিপুৰৰ এই গৰাকী প্ৰতিভাবান শিল্পীৰ মৃত্যুক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক আগুৰি ধৰিছে বিৰোধী কংগ্ৰেছে।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰি কয়— "মণিপুৰৰ সুপ্ৰসিদ্ধ সংগীতশিল্পী চংথাম বিক্ৰম সিংহক গণপ্ৰহাৰ কৰি হত্যা কৰা ঘটনাই বিজেপিৰ দিনত সৃষ্টি হোৱা আইনী শৃংখলাহীনতাক উন্মুক্ত কৰি দিছে। গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধীনত ৰাজধানী দিল্লী এতিয়া ' অপৰাধৰ ৰাজধানী'লৈ ৰূপান্তৰিত হৈছে। মণিপুৰৰ লোকসকল নিজৰ ৰাজ্যতো সুৰক্ষিত নহয় আৰু দিল্লীতো সুৰক্ষিত নহয়।"
আনহাতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও সামাজিক মাধ্যমত নিজৰ গভীৰ সমবেদনা প্ৰকাশ কৰি প্ৰশ্ন উত্থাপন কৰে— "নিজা বাসগৃহৰ সন্মুখতে এজন পিতৃক নিৰ্দয়ভাৱে হত্যা কৰা হ’ল। এনে ধৰণৰ ধাৰাবাহিক ঘটনাৰ পাছত দিল্লীত থকা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো পৰিয়ালে আজি এটাই প্ৰশ্ন সুধিছে— 'আমি ইয়াত সুৰক্ষিত নে?' কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু দিল্লী আৰক্ষীয়ে এই ক্ৰমবৰ্ধমান আইনহীনতা ৰোধ কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিছে?"
কংগ্ৰেছ নেতা পৱন খেৰাই চৰকাৰক সমালোচনা কৰি কয় যে, চৰকাৰে এনে এক পৰিৱেশ সৃষ্টি কৰিছে য’ত আইন ভংগকাৰীয়ে কোনো ভয় নকৰে। যদিও চৰকাৰে পোনপটীয়াকৈ এই হত্যাকাণ্ড চলোৱা নাই, তথাপিও এনে এক সুৰক্ষাহীন পৰিৱেশ গঢ়ি তোলাৰ দায়বদ্ধতাৰ পৰা চৰকাৰ সাৰি যাব নোৱাৰে।
ইফালে, মণিপুৰৰ সাংসদ বিমল আকৈজামেও এই ঘটনাক ধিক্কাৰ দি কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ মৰ্যাদা আৰু সুৰক্ষা নিশ্চিত কৰাটো অতি প্ৰয়োজনীয় আৰু এই অপৰাধত জড়িতসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। মণিপুৰৰ মুখ্যমন্ত্ৰী খেমাচান্দ য়ুমনামে শোকপ্ৰকাশ কৰি সংগীত জগতলৈ বিক্ৰম সিংহৰ অৱদান শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।