দত্তপুকুৰ: পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগনা জিলাৰ ঘন জনবসতিপূৰ্ণ দত্তপুকুৰ অঞ্চলত শুক্ৰবাৰ নিশা এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। অঞ্চলটোৰ এটা অবৈধ গেঞ্জি (ভেষ্ট) নিৰ্মাণ কাৰখানাত হঠাতে বয়লাৰ বিস্ফোৰণ ঘটে। এই ভয়ংকৰ দুৰ্ঘটনাটোত এজন শ্ৰমিকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আন দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়।
স্থানীয় সূত্ৰ আৰু আৰক্ষীয়ে জনোৱা মতে, দত্তপুকুৰৰ তালধাৰীয়া ঘোষপাৰা এলাকায় বিগত কেইবছৰমান ধৰি কোনো বৈধ অনুমোদন অবিহনে এই গেঞ্জি কাৰখানাসমূহ চলি আহিছিল। শক্ৰবাৰে নিশা কাৰখানাখনত কাম চলি থকা অৱস্থাতে হঠাতে বয়লাৰটো ফাটি ভয়ংকৰ শব্দ হয়। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে কাষৰীয়া ঘৰসমূহৰ খিৰিকীৰ কাঁচ ভাঙি পৰে আৰু সমগ্ৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি হয়। কাৰখানাৰ ধ্বংসাৱশেষবোৰ ওচৰৰ ঘৰবোৰলৈ উফৰি পৰে।
ঘটনাৰ পিছতে স্থানীয় লোকসকল ঘটনাস্থলীত ভিৰ কৰে আৰু প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। প্ৰত্যক্ষদৰ্শী শুভ্ৰদীপ বিশ্বাসে কয়, "হঠাতে এক প্ৰচণ্ড শব্দ শুনি আমি বাহিৰলৈ ওলাই আহোঁ। কাৰখানাৰ ভিতৰৰ পৰা মানুহৰ চিঞৰ-বাখৰ শুনি আমি দৌৰি যাওঁ আৰু দেখি যে কাঠৰ স্তূপৰ মাজত এজন শ্ৰমিকৰ মৃতদেহ পৰি আছে আৰু চাৰিওফালে জুই জ্বলি আছে। আন দুজন শ্ৰমিক যন্ত্ৰণাত ছটফটাই আছিল। আমি লগে লগে তেওঁলোকক উদ্ধাৰ কৰি হাস্পতাললৈ যোৱাৰ ব্যৱস্থা কৰোঁ।
স্থানীয় বাসিন্দাসকলৰ অভিযোগ যে, জনবসতিপূৰ্ণ অঞ্চলটোত কোনো ধৰণৰ প্ৰদূষণ নিয়ন্ত্ৰণ বা অগ্নি নিৰ্বাপক ব্যৱস্থা নথকাকৈ এই অবৈধ কাৰখানাসমূহ চলাই থকা হৈছে। ইয়াৰ পূৰ্বেও এনে কাৰখানাত বিস্ফোৰণ ঘটি বহু লোকৰ প্ৰাণহানি হৈছিল যদিও প্ৰশাসনে কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল বুলি তেওঁলোকে অভিযোগ তোলে।
খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰে। জিলা প্ৰশাসনৰ এগৰাকী দায়িত্বশীল বিষয়ে কয় যে চৰকাৰী অনুমোদন অবিহনে চলি থকা যিকোনো ইউনিট শীঘ্ৰেই চিল বা বন্ধ কৰি দিয়া হ'ব।