নতুন দিল্লী — অৱশেষত দীৰ্ঘ ২৬ দিনৰ অন্তত নিজৰ আমৰণ অনশন ভংগ কৰিলে বিখ্যাত জলবায়ু কৰ্মী তথা বিজ্ঞানী সোণম ৱাংচুকে। শিক্ষা ব্যৱস্থাৰ ব্যাপক সংস্কাৰ, প্ৰশ্নকাকত ফাদিলৰ তদন্ত আৰু পৰীক্ষাৰ্থীসকলৰ সুৰক্ষাৰ দাবীত তেওঁ এই অনশন চলাই আছিল।
কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত হাস্পতালত ৱাংচুকে নিজৰ অনশন কাৰ্যসূচী সামৰে। প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা বা আইনী গোচৰ তৰা নহ’ব বুলি চৰকাৰে আশ্বাস দিয়াৰ পিছতে এই সিদ্ধান্ত লয় ৱাংচুকে।
‘এক্স’ত ৱাংচুকৰ বার্তা
অনশন ভংগৰ পিছত ‘এক্স’ (টুইটাৰ) যোগে ৱাংচুকে জনায়— “৬৫ গৰাকী সাংসদৰ যৌথ আবেদন, দীৰ্ঘদিনীয়া আলোচনা আৰু দেশত সম্ভাব্য হিংসাত্মক পৰিস্থিতি পৰিহাৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, জিতেন্দ্ৰ সিং আৰু লাডাখৰ এপেক্স ব’ডীৰ নেতাসকলৰ উপস্থিতিত ২৬ দিনৰ অন্তত অনশন ভংগ কৰিলোঁ। সকলোকে শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰাখিবলৈ আহ্বান জনালোঁ।”
চৰকাৰৰ আশ্বাস
স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই জনায় যে ২০26 চনৰ ২০ জুলাইত দিল্লীৰ যন্তৰ-মন্তৰত শান্তিপূৰ্ণ প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু নকৰিবলৈ চৰকাৰে ইতিবাচক সিদ্ধান্ত লৈছে। ইয়াৰ উপৰি, প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা সংস্কাৰ সন্দৰ্ভত সংসদত আলোচনাৰ পাশাপাশি নীট (NEET) বিতৰ্কত আত্মহত্যা কৰা শিক্ষাৰ্থীসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বিষয়টোও চৰকাৰে সহানুভূতিৰে বিবেচনা কৰিব।