গুৱাহাটী: প্ৰায় ১০ ঘণ্টা জোৰা সুদীৰ্ঘ জেৰাৰ অন্তত অৱশেষত যাবলৈ দিয়া হ'ল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াক। বৃহস্পতিবাৰে গুৱাহাটীৰ পাণবজাৰস্থিত অসম আৰক্ষীৰ অপৰাধ শাখাত (Crime Branch) হাজিৰ হোৱাৰ পিছতেই তেওঁক এইদৰে জেৰা কৰা হয়।
দিনৰ প্ৰায় ১২:৩০ বজাত ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হোৱা খেড়াক নিশা প্ৰায় ১০ বজাতহে যাবলৈ দিয়া হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে তিনিবাৰকৈ চমন দিয়াৰ পিছত বৃহস্পতিবাৰে তৃতীয়বাৰৰ বাবে তেওঁ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হৈছিল। ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ পূৰ্বে তেওঁ মা কামাখ্যা দেৱালয়ত আশীৰ্বাদ গ্ৰহণ কৰে।
পৱন খেড়াৰ প্ৰতিক্ৰিয়া
জেৰাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত নিজৰ স্থিতি স্পষ্ট কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয়—
"আইন আৰু নিয়মৰ পৰিসৰত থাকি তেওঁলোকে যিবোৰ প্ৰশ্ন সুধিছে, মই সকলোৰে স্পষ্ট উত্তৰ দিছো। তদন্তৰ খাতিৰত যিমান সময়ৰ প্ৰয়োজন আছিল, সিমান সময় লাগিছে। মই আৰক্ষীক স্পষ্টকৈ কৈছো—মোক যেতিয়াই আৰু যিমানবাৰেই নাতিবিয়ঁ কিয়, মই উপস্থিত হৈ তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াম।"
গোচৰটোৰ পটভূমি আৰু আইনী প্ৰক্ৰিয়া:
অভিযোগ আৰু এজাহাৰ: বিগত ৫ এপ্ৰিলত এখন সংবাদমেলত পৱন খেড়াই মুখ্যমন্ত্ৰী ড্ৰ০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ তিনিখনকৈ পাছপ’ৰ্ট আৰু বিদেশত সম্পত্তি থকাৰ গুৰুতৰ অভিযোগ তুলিছিল। এই অভিযোগক একেমুখে নাকচ কৰি ৬ এপ্ৰিলত ৰিণিকি ভূঞা শৰ্মাই অপৰাধ শাখাত এক এজাহাৰ দাখিল কৰে, যার ভিত্তিত (০৪/২৬) নম্বৰৰ গোচৰ ৰুজু কৰা হয়।
দিল্লীত অভিযান আৰু জামিনৰ নাটকিয়তা: গোচৰ ৰুজু হোৱাৰ পিছত অসম আৰক্ষীয়ে খেড়াক গ্ৰেপ্তাৰ কৰিবলৈ দিল্লীত অভিযান চলাইছিল যদিও বিফল হয়। পৰৱৰ্তী সময়ত তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁক চৰ্তসাপেক্ষে অগ্ৰিম জামিন প্ৰদান কৰিছিল।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: তেলেংগানা হাইকোৰ্টৰ আদেশৰ বিৰুদ্ধে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত শীৰ্ষ আদালতে এই জামিন স্থগিত ৰাখে। ইয়াৰ পিছত আইনী যুঁজৰ অন্তত অৱশেষত উচ্চতম ন্যায়ালয়ে পৱন খেড়াৰ জামিন মঞ্জুৰ কৰে, কিন্তু তদন্তৰ বাবে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাটো বাধ্যতামূলক কৰে।
উচ্চতম ন্যায়ালয়ৰ সেই নিৰ্দেশনা অনুসৰিয়েই বৃহস্পতিবাৰে পৱন খেড়া গুৱাহাটীত উপস্থিত হৈ ক্ৰাইম ব্ৰাঞ্চৰ এই দীঘলীয়া জেৰাৰ সন্মুখীন হয়।