গুৱাহাটী: অসমত বানৰ বিভীষিকা অব্যাহত আছে। ৰাজ্যৰ বান পৰিস্থিতিৰ ক্ৰমাৎ উন্নতি ঘটিবলৈ লোৱা বুলি ক’লেও, এতিয়াও বহু অঞ্চল জলমগ্ন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA) ৰ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যত বানাক্রান্ত লোকৰ সংখ্যা ১.২৮ লাখলৈ হ্ৰাস পাইছে যদিও বানৰ বলি হৈ প্ৰাণ হেৰুওৱাসকলৰ সংখ্যা বৃদ্ধি পাইছে। ৰাজ্যত বানজনিত কাৰণত মৃত্যু হোৱাৰ সংখ্যা বৃদ্ধি হৈ বৰ্তমান ৮৭ জন পাইছেগৈ।  

প্ৰাপ্ত তথ্য অনুসৰি, শেহতীয়াকৈ হোৱা দুটা মৃত্য়ুৰ খবৰ আহিছে সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ পৰা। বৰ্তমান ৰাজ্যৰ সাতখন জিলা— শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথ জিলা বানৰ কৱলত আছে। এই জিলাসমূহৰ প্ৰায় ৩৮০ খন গাঁও আৰু ২৪ টা ৰেভিনিউ চক্ৰ এতিয়াও বানৰ পানীৰ তলত আচ্ছন্ন হৈ আছে।  

সবাতোকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ জিলাত প্ৰায় ৫৫,২০০ লোক এতিয়াও বানৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইয়াৰ পিছতে চৰাইদেউ জিলাত ৩৪,০৫০ জন আৰু যোৰহাট জিলাত ২০,২০৯ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। বানাক্রান্ত অঞ্চলসমূহত মুঠ ১৪,২৩০ হেক্টৰতকৈ অধিক কৃষিভূমি পানীৰ তলত ডুবি থকাৰ ফলত খেতি-বাতিৰ ব্যাপক ক্ষতিসাধন হৈছে।

বানাক্ৰান্ত লোকসকলক সাহায্য প্ৰদানৰ বাবে প্ৰশাসনে তৎপৰতা অব্যাহত ৰাখিছে। বৰ্তমান বানাক্ৰান্ত জিলাসমূহত মুঠ ৫৫ টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে, য’ত ১১,০৬৬ গৰাকী আশ্ৰয়হীন লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইফালে, গোলাঘাট জিলাৰ নুৰীগড়ত ধনশিৰী নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে যদিও অন্যান্য নদীসমূহৰ জলস্তৰ ক্ৰমে হ্ৰাস পাইছে।

ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য প্ৰদান আৰু পুনৰবাসনৰ কাম-কাজ তীব্ৰতৰ কৰি তুলিছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে চিকিৎসা আৰু পশু চিকিৎসকৰ দলসমূহকো নিয়োজিত কৰিছে।