গুৱাহাটী: সাধাৰণ জনতাৰ কথা বাদেই, এইবাৰ ভূ-মাফিয়াৰ কৱলৰ পৰা সাৰি নগ’ল ৰাজ্যৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সম্পত্তিও। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ হাতীগাঁৱৰ সুন্দৰবন নগৰৰ বালিজানত থকা ২৮ বিঘা ভূমি ভূ-মাফিয়াই বেদখল কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
ঘটনাৰ বিৱৰণি অনুসৰি, প্ৰাক্তন সাংসদ তথা প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্রী গোস্বামী মহন্তই এই বেদখলৰ বিৰুদ্ধে হাতীগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত তদন্ত চলাবলৈ হাতীগাঁও আৰক্ষীৰ এটা দল বালিজানত উপস্থিত হয়। অৱশ্যে আৰক্ষীৰ দলটো উপস্থিত হোৱাৰ লগে লগেই একাংশ বেদখলকাৰীয়ে হাতে হাতে লাঠি, দা আৰু ৰড লৈ আৰক্ষীৰ ওপৰত মৰণপণ আক্ৰমণ চলায়।
এই আক্ৰমণৰ ফলত উপ-পৰিদৰ্শক চনুদেৱ বৰ্মন আৰু গৃহৰক্ষী আব্দুল কৰিম গুৰুতৰভাৱে আহত হয়। পৰিস্থিতিৰ গম্ভীৰতা দেখি আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি এই বেদখল আৰু আক্ৰমণৰ সৈতে জড়িত ৮ জন ভূ-মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত ১৭২/২৬ নম্বৰত এটি গোচৰ ৰুজু কৰিছে। গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হ’ল— আখতাৰ হুছেইন, নুৰজামাল মিঞা, মনোৱাৰ আলী, ইমদাদুল চৌধুৰী, মিৰজান আলী, মজিবুৰ হৰমান, অজয় আলী আৰু মিৰাজুল আলী। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।