টীয়ক: অসমত প্ৰতিবছৰে সৃষ্টি হোৱা ভয়াৱহ বান আৰু গৰাখহনীয়াৰ সমস্যাটোক কেৱল এটা প্ৰাকৃতিক দুৰ্যোগ হিচাপে নাচাই, ইয়াক শীঘ্ৰে ‘ৰাষ্ট্ৰীয় সমস্যা’ (National Problem) হিচাপে ঘোষণা কৰিবলৈ তীব্ৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থা (আছু)য়ে। আছুৰ সভাপতি উৎপল শৰ্মাই শেহতীয়াকৈ ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক শীঘ্ৰেই স্থায়ী পদক্ষেপ গ্ৰহণ কৰিবলৈ তাগিদা দিছে।

ছাত্র সংগঠনটোৱে স্পষ্টভাৱে কয় যে, বছৰৰ পিছত বছৰ ধৰি অসমৰ লাখ লাখ জনসাধাৰণে বান আৰু গৰাখহনীয়াৰ কৱলত পৰি সৰ্বস্বান্ত হ'বলগীয়া হৈছে। খেতি-পথাৰ, ঘৰ-দুৱাৰ আদি নদীৰ গৰ্ভত বিলীন হৈ যোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে যিমান তৎপৰতাৰে এই সমস্যা সমাধান কৰিব লাগিছিল, তাত যথেষ্ট অভাৱ দেখা গৈছে।

আছুৰ মতে, অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় পৰ্যায়ত সুকীয়া আঁচনি আৰু বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। বাৰিষা কালত নদীৰ মথাউৰি ভাঙি গাঁৱৰ পিছত গাঁও জলমগ্ন হৈ পৰাৰ ফলত সাধাৰণ ৰাইজৰ জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। সেয়েহে, এই স্থায়ী দুৰ্যোগৰ স্থায়ী প্ৰতিকাৰৰ বাবে সমগ্ৰ দেশৰ দৃষ্টি আকর্ষণ কৰি ইয়াক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি দিয়াৰ বিকল্প নাই বুলি আছুৱে বাৰুকৈয়ে সোঁৱৰাই দিছে।