গুৱাহাটী: অসমীয়াৰ প্ৰাণৰ শিল্পী, গণশিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে তেওঁৰ চিন্তা, আদৰ্শ, মানৱীয় প্ৰমূল্য আৰু অসমৰ প্ৰতি থকা দায়বদ্ধতাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম জাতীয় পৰিষদে (অজাপ)।
শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছবাৰ্তাত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে জুবিন গাৰ্গ অসমৰ সমাজ আৰু জাতীয় জীৱনৰ সৈতে গভীৰভাৱে সংপৃক্ত এগৰাকী গণশিল্পী আছিল।
সাতদিনীয়া কাৰ্যসূচীৰ বিৱৰণ:
১৩ ছেপ্টেম্বৰ (নাহৰৰ দিন): ‘এজোপা গছ জুবিনৰ নামত’ শীৰ্ষক কাৰ্যসূচীৰে গছপুলি ৰোপণেৰে এই সপ্তাহৰ শুভাৰম্ভ কৰা হয়।
ৰাজ্যৰ প্ৰতিখন পঞ্চায়ত সমিতিৰ উদ্যোগত ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। ১৪ ছেপ্টেম্বৰ (মানৱতাৰ দিন): ‘মানুহে মানুহৰ বাবে’ মন্ত্ৰক সাৰোগত কৰি ৰাজ্যজুৰি বৃহৎ ৰক্তদান শিবিৰ অনুষ্ঠিত হ’ব, য’ত প্ৰতিখন জিলাৰ পৰা ১০১গৰাকী লোকে জুবিনৰ স্মৃতিত ৰক্তদান কৰিব।
১৫ ছেপ্টেম্বৰ (গ্ৰন্থৰ দিন): জুবিনৰ পঢ়াশুনা আৰু গ্ৰন্থ প্ৰীতিৰ প্ৰতি সন্মান জনাই ৰাজ্যৰ জিলাসমূহত লেখক-পাঠকৰ মাজত মত বিনিময় আৰু গ্ৰন্থকেন্দ্ৰিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
১৬ ছেপ্টেম্বৰ (জনতাৰ দিন): জুবিন গাৰ্গক সাধাৰণ মানুহৰ শিল্পী হিচাপে স্মৰণ কৰি প্ৰতিখন জিলাত মুকলি জনসভাসমূহ অনুষ্ঠিত কৰা হ’ব।
১৭ ছেপ্টেম্বৰ (যুৱ অনুষ্ঠান): ‘আমাৰ জুবিনদা’ শীৰ্ষক যুৱকেন্দ্ৰিক অনুষ্ঠানত দহগৰাকী যুৱ বক্তাই জুবিনৰ সংগীত, প্ৰকৃতিপ্ৰেম আৰু মুক্ত চিন্তাৰ ওপৰত বক্তব্য ৰাখিব।
ইয়াৰ লগতে ১০০ গৰাকী শিল্পীৰ দ্বাৰা সমৱেত ‘মায়াবিনী’ গান পৰিৱেশন, কবিতা আবৃত্তি আৰু লাইভ পেইণ্টিং প্ৰদৰশিত হ’ব। ১৮ ছেপ্টেম্বৰ (জাতীয় সংকল্পৰ দিন): ‘জুবিনৰ অসম— সুৰৰ পৰা সংকল্পলৈ’ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে জুবিনৰ সপোনৰ সৈতে সংগতি ৰাখি জাতীয় সাংস্কৃতিক দাবী-সনদ গ্ৰহণ কৰা হ’ব।
১৯ ছেপ্টেম্বৰ (জুবিন দিৱস): অন্তিম দিনটোত কেন্দ্ৰীয় সমিতিৰ ১০১গৰাকী জাতীয় সেৱকে জুবিনক্ষেত্ৰলৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।
ইয়াৰোপৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ জিলা সমিতিসমূহেও বন্তি প্ৰজ্জ্বালন, মৌন প্ৰাৰ্থনা আৰু জুবিনৰ জনপ্ৰিয় গান পৰিৱেশনেৰে দিনটো পালন কৰিব।
অজাপৰ নেতৃত্বই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত উপযুক্ত ন্যায় প্ৰদানৰ দাবী পুনৰ উচ্চাৰণ কৰাৰ লগতে চৰকাৰক শীঘ্ৰে জুবিনক্ষেত্ৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। দলটোৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ১৯ ছেপ্টেম্বৰৰ দিনটো চৰকাৰীভাৱে জুবিনৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু সঠিক মাধ্যমত প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈও অনুৰোধ জনাইছে।