শিৱসাগৰ: ৰাজ্যৰ বানাক্ৰান্ত লোকসকলক উচিত ক্ষতিপূৰণ দিয়া আৰু তেওঁলোকৰ কাষত থিয় দিয়াৰ দাবীৰে অহা ১৫ আগষ্টত এক আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ ঘোষণা কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। স্বাধীনতা দিৱসৰ দৰে এক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ দিনটোতে তেওঁ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

সাম্প্রতিক প্ৰলয়ংকৰী বানত সৰ্বস্বান্ত হৈ পৰা উজনি অসম তথা সমগ্ৰ ৰাজ্যৰ বানপীড়িত ৰাইজক সহায় কৰাৰ বাবে শেহতীয়াকৈ তেওঁ ‘সহায়ৰ এখন হাত’ নামৰ এক বিশেষ ডিজিটেল এপ মুকলি কৰিছিল। যুৱ ব্যৱসায়ী অভিজ্ঞান বৰঠাকুৰে প্ৰস্তুত কৰা এই এপটোৰ জৰিয়তে বন্যাৰ্তই পোনপটীয়াকৈ খাদ্য, কাপোৰ, শিশুৰ খাদ্য তথা পশুখাদ্য আদি প্ৰয়োজনীয় সামগ্ৰীৰ বাবে আবেদন কৰিব পাৰে।

ইয়াৰ মাজতে চৰকাৰে বানপীড়িতসকলক প্ৰদান কৰা সাহাৰ্য পৰ্যাপ্ত নহয় বুলি ক্ষোভ প্ৰকাশ কৰি অখিল গগৈয়ে চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰিছে। বানাক্ৰান্তক দিয়া সাহায্য অতি নগণ্য বুলি উল্লেখ কৰি তেওঁ কয় যে, পৰ্যাপ্ত ক্ষতিপূৰণ আৰু সাহাৰ্য আদায়ৰ বাবে তেওঁ ১৫ আগষ্টত অনশনত বহিবলৈ বাধ্য হৈছে।