গুৱাহাটী: অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ দশম দিনা সদনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিক লৈ অনা সভাস্থগিত প্ৰস্তাৱ অধ্যক্ষই নাকচ কৰাৰ পাছতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক দিনটোৰ বাবে সদনৰ পৰা নিলম্বন কৰা হয়। পৰৱৰ্তী সময়ত মাৰ্শ্বালে বিধায়কগৰাকীৰ প্ৰতিবাদৰ মাজতে তেওঁক সদনৰ পৰা দাঙি উলিয়াই লৈ যায়।
বাতৰি অনুসৰি, বিৰোধী বিধায়ক অখিল গগৈয়ে উজনি অসমৰ বিশেষকৈ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ভয়াৱহ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ সদনত দুই মিনিট সময় বিচাৰিছিল। অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে তেওঁক সময় প্ৰদান কৰাত অখিল গগৈয়ে অঞ্চলকেইটাৰ ক্ষয়-ক্ষতিৰ দৃশ্য দাঙি ধৰি এক সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে। বিধায়কগৰাকীয়ে উক্ত ঘটনাটোক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ দাবী জনায়। লগতে নাজিৰাত বানৰ ফলত এতিয়ালৈকে ২৮ টা মৃতদেহ উদ্ধাৰ হোৱাৰ কথা উল্লেখ কৰি বিষয়টো অত্যন্ত জৰুৰী বুলি ব্যক্ত কৰে।
তেওঁ কয় যে, "বলবলাৰ পাছত আমি এনে কুখ্যাত দুৰ্যোগ দেখা নাই। এই দুৰ্যোগৰ বাবে মানুহৰ খেতি-বাতি আৰু ব্যৱসায়-বাণিজ্য সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। এই বিষয়টো সদনত আলোচনা নকৰিলে বাজেট অধিৱেশন আধৰুৱা হৈ ৰ'ব।"
অৱশ্যে বাজেটৰ কাম-কাজ চলাই নিব লাগে বুলি দোহাৰি অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে। অধ্যক্ষৰ এই সিদ্ধান্তৰ পাছতে অখিল গগৈয়ে সদনৰ মেজত উঠি হাতযোৰ কৰি বাৰম্বাৰ আলোচনাৰ বাবে আবেদন জনায়। ইয়াকে লৈ অধ্যক্ষই অসন্তুষ্টি প্ৰকাশ কৰি অখিল গগৈক "বিশ্বাসঘাতক" বুলি আখ্যা দিয়ে আৰু কয় যে সময়সীমা পাৰ হোৱাৰ পাছতো বিধায়কগৰাকীয়ে শৃংখলা ভংগ কৰিছে।
অধ্যক্ষই 'বিশ্বাসঘাতক' শব্দটো প্ৰয়োগ কৰাত আন এজন বিধায়ক শ্বেৰমান আলীয়ে আপত্তি দৰ্শাই শব্দটো উঠাই ল'বলৈ অনুৰোধ জনায় যদিও অধ্যক্ষই সেই অনুৰোধ নাকচ কৰে। শেষত সদনৰ নিয়ম উলংঘন কৰাৰ অভিযোগত অখিল গগৈক দিনটোৰ বাবে নিলম্বন কৰা হয় আৰু মাৰ্শ্বালে অখিল গগৈক দাঙি বাহিৰলৈ উলিয়াই লৈ যায়।
সদনৰ বাহিৰত অখিল গগৈৰ ক্ষোভ:
নিলম্বিত হোৱাৰ পাছত সদনৰ বাহিৰত সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ উজাৰি অখিল গগৈয়ে কয়, "উজনি অসমৰ তিনিখন জিলা সম্পূৰ্ণ ধ্বংস হৈ গৈছে। বানত সৰ্বস্বান্ত হোৱা লোকসকলে চৰকাৰৰ পৰা কোনো সাহায্য পোৱা নাই। চৰকাৰে এই সত্যবোৰ লুকুৱাব বিচাৰিছে, যাৰ বাবে মোক বিধানসভাত কথা ক'বলৈ দিয়া নহ'ল।" বানাক্ৰান্তই উচিত ক্ষতিপূৰণ পাবলৈ হ'লে এই বিধ্বংসী বানক কেন্দ্ৰীয় চৰকাৰে 'ৰাষ্ট্ৰীয় দুৰ্যোগ' হিচাপে ঘোষণা কৰাটো জৰুৰী বুলিও তেওঁ পুনৰ দোহাৰে।