চীনত বানত সন্ধানহীন ভাৰতীয়: মৃতদেহ চিনাক্তকৰণৰ বাবে পৰিয়ালক ডি এন এ নমুনা দাখিলৰ আহ্বান ভাৰতীয় দুতাৱাসৰ
বেইজিং, ৮ ছেপ্টেম্বৰ: চীন আৰু নেপাল সীমান্তৰ তিব্বত অঞ্চলত অলপতে সংঘটিত ভয়াবহ খহনীয়া আৰু আকস্মিক বানপানীত সন্ধানহীন হোৱাট সকলৰ চিনাক্তকৰণ প্রক্রিয়া তীব্রতৰ কৰা হৈছে। এই দুৰ্যোগত নিখোজ হৈ থকা ভাৰতীয় নাগৰিকসকলক চিনাক্ত কৰাত সহায় কৰিবলৈ চীনত থকা ভাৰতীয় দুতাৱাসে সন্ধানহীনসকলৰ পৰিয়ালবৰ্গক ডি এন এ (DNA) নমুনা যোগান ধৰিবলৈ আহ্বান জনাইছে।
চীন কৰ্তৃপক্ষই সন্ধানহীন বিদেশী নাগৰিকসকলৰ চিনাক্তকৰণৰ বাবে ডি এন এ নমুনা গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰাৰ পিছতে বেইজিংস্থিত ভাৰতীয় দুতাৱাসে এই বিশেষ বিজ্ঞাপ্তি জাৰি কৰে। দুতাৱাসৰ তৰফৰ পৰা জনোৱা হৈছে যে সংগ্ৰহ কৰা এই নমুনা আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত CODIS (Combined DNA Index System) ফৰ্মেটত দাখিল কৰিব লাগিব। পৰিয়ালে প্ৰদান কৰা তথ্যসমূহ ভাৰতীয় দুতাৱাসে চীনৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব আৰু নমুনাৰ মিল পালে লগে লগে পৰিয়ালক অৱগত কৰা হ'ব।
কাৰ কাৰ DNA নমুনা সংগ্ৰহ কৰা হ'ব? বিজ্ঞাপ্তিত দুতাৱাসে স্পষ্ট কৰি দিছে যে সন্ধানহীন ব্যক্তিজনৰ পিতৃ-মাতৃ, স্বামী বা পত্নী আৰু সন্তানৰ তেজৰ নমুনাক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব। একাধিক সন্তান থাকিলে সকলোৰে নমুনা সংগ্ৰহ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
যদি সন্ধানহীন ব্যক্তিজনৰ পিতৃ-মাতৃ বা সন্তান জীৱিত নাথাকে, তেন্তে তেওঁৰ ক্ৰমে ভাতৃ-ভগিনীৰ (সকলো ভাই-ভনীৰ নমুনা সুবিধাজনক) পৰা নমুনা লোৱা হ'ব। প্ৰয়োজন সাপেক্ষে মাতৃপক্ষ বা পিতৃপক্ষৰ মোমাই-পেহাৰ সন্তান (Cousins) সকলৰ পৰাও নমুনা সংগ্ৰহ কৰিব পৰা যাব, য'ত সম্পৰ্কৰ সবিশেষ তথ্য উল্লেখ থকাটো বাধ্যতামূলক।
নমুনাসমূহ সংগ্ৰহ কৰোঁতে DNA STR ডাটা থকাটো আৱশ্যক আৰু পুৰুষ সন্ধানহীনসকলৰ ক্ষেত্ৰত Y-STR ডাটাও অন্তৰ্ভুক্ত কৰিব লাগিব। প্ৰতিটো নমুনাৰ সৈতে সন্ধানহীন ব্যক্তিজনৰ নাম, ৰাষ্ট্ৰীয়তা, পাছপোৰ্ট নম্বৰৰ লগতে নমুনা প্ৰদানকাৰী আত্মীয়ৰ নাম আৰু পাছপোৰ্ট নম্বৰ স্পষ্টকৈ উল্লেখ কৰিব লাগিব।
সহায়ৰ বাবে দুতাৱাসৰ হেল্পলাইন: ডি এন এ নমুনা সংগ্ৰহ আৰু দাখিলৰ সন্দৰ্ভত অধিক তথ্য বা সহায়ৰ বাবে ভাৰতীয় দুতাৱাসে এটা বিশেষ যোগাযোগ নম্বৰ আৰু ইমেইল প্ৰকাশ কৰিছে। পৰিয়ালসমূহে টেলিফোন নম্বৰ: +86 18514284905 অথবা ইমেইল: cons1.beijing@mea.gov.in -ৰ জৰিয়তে দুতাৱাসৰ সৈতে যোগাযোগ কৰিব পাৰিব।
উল্লেখ্য যে, যোৱা ২৬ আগষ্টত নেপাল-তিব্বত সীমান্তৰ ভোটেকোশী নদীৰ উপৰ ভাগত বৰফ আৰু শিলাখণ্ডৰ স্খলনৰ ফলত এক ভয়াবহ বানৰ সৃষ্টি হৈছিল। এই খহনীয়া আৰু বানৰ ফলত সীমান্তৰ ইমিগ্ৰেচন ভৱনসহ বহুত আৱাসস্থল উটুৱাই লৈ যায়। চৰকাৰী তথ্য অনুসৰি, এই পৰ্যন্ত ৪৩ জনৰ মৃত্যু নিশ্চিত কৰা হৈছে আৰু ৫১৯ জন লোক এতিয়াও নিখোজ হৈ আছে। সন্ধানহীনসকলৰ ভিতৰত ২৬১ জন বিদেশী নাগৰিক আছে, য'ত ৪৯ গৰাকী ভাৰতীয়ও অন্তৰ্ভুক্ত।