সাক্ষাৎকালত ৰাজ্যৰ বানত ক্ষতিগ্ৰস্ত ঘৰসমূহৰ পুনৰ নিৰ্মাণ, কৃষি খণ্ডৰ উন্নয়ন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিভিন্ন দিশৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰায় ৫,০০০ কোটি টকাৰ বিশাল বিনিয়োগেৰে অসমত এই গৃহসমূহ নিৰ্মাণৰ আনুষ্ঠানিক অনুমোদন পত্ৰ মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়ে। ইয়াৰ লগতে শেহতীয়া বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক অগ্ৰাধিকাৰ ভিত্তিত ঘৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহযোগতিাৰ আশ্বাস প্ৰদান কৰিছে।
চাহ বাগিচা অঞ্চলৰ শ্ৰমিকসকলৰ গৃহ নিৰ্মাণৰ প্ৰসংগতো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিশেষ সহযোগিতা আগবঢ়োৱা হ’ব বুলি জানিব পৰা গৈছে। আনহাতে, ৰাজ্যৰ কৃষি খণ্ডৰ উন্নয়ন আৰু বহনক্ষম খেতিৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় কুষি বিকাশ যোজনাৰ (RKVY) অধীনত অসমে অতিৰিক্ত ১৩৯ কোটি টকাৰ পুঁজি লাভ কৰিছে।
এই সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানলৈ অসমবাসীৰ তৰফৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, ইয়াৰ পূৰ্বে সোমবাৰে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি ৰাজ্যৰ বানত ক্ষতিগ্ৰস্ত পথ-ঘাট মেৰামতি আৰু গুৱাহাটী ৰিং ৰোড আদি প্ৰকল্পৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনা কৰিছিল।