জোনাই: অসম-অৰুণাচল সীমান্তত পুনৰ এক ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। সীমান্তৰ ভূমি বিবাদক কেন্দ্ৰ কৰি অৰুণাচলী দুৰ্বৃত্তই চলোৱা নিৰ্বিচাৰ গুলীচালনাত অসমৰ ৮ জনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাঙৰ বদতিত এই ঘটনা সংঘটিত হয়। অভিযোগ উঠা অনুসৰি, শনিবাৰে অৰুণাচল প্ৰদেশৰ একাংশ লোকে অসমৰ ভূমিত বেদখল চাবলৈ প্ৰয়াস কৰে। এই বেদখলকাৰীসকলক স্থানীয় অসমৰ কেইগৰাকীমান লোকে বাধা প্ৰদান কৰাত দুই পক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডা আৰু কাজিয়াৰ সূত্ৰপাত হয়।

পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ সময়তে অৰুণাচলী দুৰ্বৃত্তই অসমৰ লোকসকলক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকসকল হ'ল— দুৰ্গেশ্বৰ পাতিৰ, ৰোহিত দলে, নাগৰাজ দলে, বিজ্ঞেশ্বৰ পাতিৰ, পামে পেগু, সঞ্জয় টায়ুং, উৎপল দলে আৰু জান দলে।

ঘটনাৰ পিছতে স্থানীয় লোকসকলৰ সহায়ত আহত আটাইকেইজন ব্যক্তিক প্ৰথমে গোগামুখ গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে তেওঁলোকৰ অৱস্থা সংকটজনক হোৱাৰ পৰিপ্ৰেক্ষিতত উন্নত চিকিৎসাৰ বাবে সাতজনক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।  
এই আক্ৰমণৰ ঘটনাৰ পিছতে সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত অতিশয় উত্তেজনাময় তথা থমথমীয়া পৰিস্থিতি বিৰাজ কৰিছে। সীমান্তৰ সুৰক্ষা আৰু শান্তি বজাই ৰখাৰ স্বাৰ্থত ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী আৰু সুৰক্ষাবাহিনী মোতায়েন কৰা হৈছে। প্ৰশাসনে সমগ্ৰ পৰিস্থিতিটো গভীৰভাৱে নিৰীক্ষণ কৰি আছে।