অসমত ২০২৭ চনৰ লোকপিয়লৰ স্ব-গণনা পৰ্যায়টো সাফল্যৰে সমাপ্ত হৈছে। বিগত ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ চলিছিল এই বিশেষ প্ৰক্ৰিয়া। ৰাজ্যখনৰ ১১,৬৪,৫৮৬টা পৰিয়ালে এই স্ব-গণনা প্ৰক্ৰিয়াত সঁহাৰি জনাই নিজৰ তথ্য পঞ্জীয়ন কৰিছে।
লোকপিয়ল অভিযানৰ সঞ্চালক বিশ্বজিৎ পেগুৱে এক সংবাদমেলত এই কথা সদৰি কৰি জনসাধাৰণক সহযোগিতাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰা অনুসৰি, বৰাক উপত্যকাৰ কাছাৰ আৰু শ্ৰীভূমি জিলাৰ লগতে কোকৰাঝাৰ জিলা এই স্ব-গণনা প্ৰক্ৰিয়াত শীৰ্ষ স্থানত আছে।
আজিৰ পৰা ৰাজ্যজুৰি গৃহ তালিকা আৰু গৃহ পিয়লৰ দ্বিতীয় পৰ্যায়ৰ কাম-কাজ আৰম্ভ হৈছে। অহা ১৫ ছেপ্টেম্বৰলৈকে প্ৰায় ৭০ হাজাৰৰো অধিক প্ৰশিক্ষিত গণনাকাৰীয়ে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। ২০২৭ চনৰ এই লোকপিয়ল ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ ডিজিটেল লোকপিয়ল হ'বলৈ গৈ আছে। সঞ্চালকগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, 'ন' অমিছন, ন' ডুপ্লিকেচন' নীতিৰে প্ৰতিটো তথ্যৰ গোপনীয়তা নিশ্চিত কৰা হ'ব আৰু সংগৃহীত তথ্য ১৯৪৮ চনৰ লোকপিয়ল আইন অনুসৰি আদালতত প্ৰমাণ হিচাপে গ্ৰহণযোগ্য নহ'ব।