দেশজুৰি জোকাৰণি সৃষ্টি কৰা চাইবাৰ অপৰাধৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ পদক্ষেপেৰে অসমৰ বৰপেটা জিলাৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীয়ে। গান্ধীনগৰ চাইবাৰ ক্ৰাইম থানাত পঞ্জীয়ন হোৱা এক চাইবাৰ জালিয়াতিৰ গোচৰৰ ভিত্তিত এই অভিযান চলোৱা হয়।

ধৃত অভিযুক্তজন বৰপেটা জিলাৰ ডাঙৰকুছি গাঁৱৰ নিবাসী আজিজুল হুছেইন বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ বয়স ৩৫ বছৰ।

আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা মতে, গান্ধীনগৰ চাইবাৰ ক্ৰাইম থানাত পঞ্জীয়নভুক্ত এটা গোচৰৰ তদন্তৰκι কালত অভিযুক্ত লোকজনৰ নাম পোহৰলৈ আহিছিল। ইয়াৰ পিছতে গান্ধীনগৰ চাইবাৰ ক্ৰাইম আৰক্ষী থানাৰ পৰা ইনচপেক্টৰ বিপুল কুমাৰ কান্তিভাইৰ নেতৃত্বত অহা এটা বিশেষ আৰক্ষী দল বৰপেটাত উপস্থিত হয়। বৰপেটা জিলা আৰক্ষীৰ সম্পূৰ্ণ সহযোগিতাত এই যৌথ অভিযান চলাই অভিযুক্ত আজিজুল হুছেইনক তেওঁৰ বাসগৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰৰ পিছত অভিযুক্তজনক বৰপেটা থানালৈ আনি প্ৰাথমিক জেৰা চলোৱা হয়। ইয়াৰ পিছতে আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি স্থানীয় আদালতত হাজিৰ কৰোৱা হয়, য’ত আদালতে গুজৰাট আৰক্ষীক অধিক তদন্তৰ বাবে অভিযুক্তৰ ট্ৰিট ৰিমাণ্ড মঞ্জুৰ কৰে। বৰপেটা আৰক্ষীৰ সহযোগত গুজৰাট আৰক্ষীয়ে এতিয়া অভিযুক্তক লৈ গুজৰাটলৈ ৰাওনা হৈছে।

প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, এই জালিয়াতি চক্ৰটোৰ সৈতে আন বহুতো লোক জড়িত থকাৰ আশংকাজনক তথ্য লাভ কৰিছে তদন্তকাৰী দলে। বৰপেটাৰ পৰা গ্ৰেপ্তাৰ হোৱা এই অভিযুক্তজনৰ জৰিয়তে বিশাল চাইবাৰ নেটৱৰ্কৰ আন বহু ৰহস্য উন্মোচন হ’ব বুলি আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে। বৰ্তমান এই সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে।