গুৱাহাটী: ৰাজ্যখনত প্ৰলয়ংকৰী বানৰ কৱলত পৰা বানাক্ৰান্ত লোকসকলৰ সাহায্য আৰু পুনৰবাসনৰ কাম-কাজ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে হাত আগবঢ়াইছে অসমৰ প্ৰাক্তন সেনাসৈনিকসকলে। বুধবাৰে ৰাজ্যৰ প্ৰাক্তন সৈনিক সমাজে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ এক আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে।
অসমৰ সৈনিক কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক ব্ৰিগেডিয়াৰ পলাশ চৌধুৰী (অৱসৰপ্ৰাপ্ত)-ৰ নেতৃত্বত গৈ প্ৰাক্তন সেনাসৈনিকৰ এটা প্ৰতিনিধি দলে এই চেকখন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। এই প্ৰতিনিধি দলটোত এয়াৰ মাৰ্শ্বাল অঞ্জন কুমাৰ গগৈ (অৱসৰপ্ৰাপ্ত) আৰু অসম বৈভৱ বঁটা প্ৰাপক লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা (অৱসৰপ্ৰাপ্ত)-ৰ দৰে বিশিষ্ট অৱসৰপ্ৰাপ্ত সেনাবিষয়াসকল উপস্থিত আছিল।
চেক প্ৰদান অনুষ্ঠানৰ পিছত ব্ৰিগেডিয়াৰ পলাশ চৌধুৰীয়ে কয় যে, "সৈনিকৰ দায়িত্ব সামৰণি পৰাৰ পিছতো দেশ আৰু ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি আমাৰ দায়িত্ব শেষ হৈ নাযায়। বৰ্তমান বানাক্ৰান্ত হৈ থকা অসমৰ ভাই-ভনীসকলৰ দুৰ্যোগৰ সময়ত তেওঁলোকৰ কাষত থিয় হোৱাটো আমাৰ নৈতিক কৰ্তব্য।" তেওঁ আশা প্ৰকাশ কৰে যে এই ধনেৰে গঠন কৰা পুঁজিৰ সহায়ত বানপীড়িতসকলে সময়মতেই প্ৰয়োজনীয় সাহায্য লাভ কৰিব।
তেওঁ লগতে উল্লেখ কৰে যে কেৱল আৰ্থিক অনুদানেই নহয়, ৰাজ্যৰ বহু প্ৰাক্তন সেনাসৈনিক বৰ্তমান জনপ্ৰশাসনৰ সৈতে হাত মিলাই স্বয়ংক্ৰিয়ভাৱে বান সাহায্য আৰু উদ্ধাৰ অভিযানতো সক্ৰিয়ভাৱে জডিত হৈ পৰিছে।
প্ৰাক্তন সেনাসৈনিকসকলৰ এই মহানুভৱতা আৰু দেশপ্ৰেমক ভূয়সী প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অৱসৰৰ পিছতো দেশ আৰু সমাজৰ প্ৰতি সেনাসৈনিকসকলৰ এই সমৰ্পিত মনোভাৱ আৰু কৰুণাই আনকো এনে সমাজসেবামূলক কামলৈ আগবাঢ়ি আহিবলৈ উৎসাহিত কৰিব।
উল্লেখ্য যে, প্ৰাক্তন সৈনিক সমাজৰ এই পদক্ষেপে ৰাজ্যখনৰ বানাক্ৰান্তসকলৰ পুনৰবাসন কাৰ্যসূচীক অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে।