হায়দৰাবাদ :অসমত প্ৰকৃতিৰ সংহাৰী ৰূপ অব্যাহত থকাৰ সময়তে ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত ফোনযোগে বুজ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যত চলি থকা বাৰিষাৰ ধাৰাসাৰ বৰষুণ আৰু নৈপৰীয়া অঞ্চলৰ ভয়াৱহ বান পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গভীৰ উদ্বেগ প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰধানমন্ত্ৰীয়ে ফোন কৰি ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি আৰু চৰকাৰে গ্ৰহণ কৰা সাহায্য তথা উদ্ধাৰ অভিযানৰ বিষয়ে বিশদভাৱে অৱগত হয়। ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো প্রধান নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা জটিল পৰিস্থিতি আৰু বানাক্ৰান্ত লোকসকলক শিবিৰলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থাৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে।
এই সংকটৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অসমবাসীক সকলো ধৰণৰ সম্পূৰ্ণ সহযোগিতা আৰু সাহায্য আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে, বানত প্ৰভাৱিত লোকসকলৰ সুৰক্ষা আৰু কল্যাণৰ বাবে তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। ৰাজ্য চৰকাৰে কেন্দ্ৰৰ এই সহযোগিতাক ধন্যবাদ জনাই বানাক্ৰান্তৰ সাহায্যৰ কাম-কাজ তীব্ৰতৰ কৰি তুলিছে