গুৱাহাটী: অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হৈছে যদিও ৰাজ্যজুৰি বানৰ সংহাৰ এতিয়াও অব্যাহত আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) দেওবাৰে মাজনিশা প্ৰকাশ কৰা এক বুলেটিনত এই কথা সদৰী কৰিছে। শেহতীয়া তথ্য অনুসৰি, ৰাজ্যৰ বান পৰিস্থিতি কিছু সুধৰণি হোৱাৰ লক্ষণ দেখা গ’লেও বৰ্ত্তমানলৈকে চলিত বৰ্ষৰ বানপানী আৰু ভূস্খলনৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ সংখ্যা বৃদ্ধি পাই ৬৮ জন হৈছেগৈ

প্ৰাধিকৰণৰ তথ্য অনুযায়ী, দেওবাৰে কেৱল চৰাইদেউ জিলাতে বানৰ পানীত ডুব গৈ পুনৰ ২ জন লোকৰ মৃত্যু হয়। ইয়াৰ লগে লগে ৰাজ্যখনত বানজনিত কাৰণত মৃত্যু হোৱাৰ সংখ্যা ৬৮ লৈ বৃদ্ধি পালে। বৰ্তমান ৰাজ্যৰ চৰাইদেউ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, নগাঁও আদি জিলাৰ প্ৰায় ৫ লাখ ২৪ হাজাৰ ৭০০ তকৈ অধিক লোক বানৰ কৱলত পৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে

বানাক্ৰান্ত অঞ্চলসমূহৰ ভিতৰত চৰাইদেউ জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত প্ৰায় ১.৯ লাখ লোক বানৰ দ্বাৰা আক্ৰান্ত হৈছে। ইয়াৰ পিছতে শিৱসাগৰ জিলাত ১.৫ লাখতকৈ অধিক আৰু যোৰহাট জিলাত প্ৰায় ১.৪ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। ইফালে, নুমলীগড়ত ধনশিৰি নদীৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭৬৩ খন গাঁও আৰু ৪৮,৭৪২ হেক্টৰ কৃষিভূমি এতিয়াও পানীৰ তলত হৈ আছে। প্ৰশাসনে বানপীড়িতসকলৰ বাবে কেইবাটাও সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰ মুকলি কৰিছে, য’ত হাজাৰ হাজাৰ আশ্ৰয়হীন লোকে আশ্ৰয় লৈ আছে। সেনা, এনডিআৰএফ (NDRF), এছডিআৰএফ (SDRF), অগ্নিনিৰ্বাপক বাহিনী তথা আৰক্ষীয়ে বানপ্ৰভাৱিত অঞ্চলসমূহত অবিৰতভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। ইফালে, বানৰ ফলত লক্ষাধিক ঘৰচীয়া জীৱ-জন্তু আৰু হাঁহ-কুকুৰাও কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে।