গুৱাহাটী: অসমৰ কেইবাখনো জিলাত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাজ্যখনত বানৰ সংহাৰ সম্পূৰ্ণৰূপে হ্ৰাস পোৱা নাই। বুধবাৰে ৰাজ্যত পুনৰ বানত দুজন লোকৰ মৃত্যু হোৱাৰ পিছত চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১০৩ জনলৈ বৃদ্ধি পাইছে। 


অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে (ASDMA) প্ৰকাশ কৰা দৈনিক বান বুলেটিন অনুসৰি, বিগত ২৪ ঘণ্টাত শিৱসাগৰ আৰু কাৰ্বি আংলং জিলাত বানৰ পানীত বুুুৰি দুজনকৈ লোকৰ মৃত্যু হয়। ইফালে, ৰাজ্যখনত বানাক্ৰান্ত লোকৰ সংখ্যা মঙলবাৰৰ ১.১৩ লাখৰ পৰা হ্ৰাস পাই বুধবাৰলৈ প্ৰায় ৮৭,০০০ লৈ অৱনমিত হৈছে। বৰ্তমান গোলাঘাট, যোৰহাট, নগাঁও আৰু শিৱসাগৰকে ধৰি কেইখনমান জিলাৰ প্ৰায় ৪৩৩ খন গাঁও পানীৰ তলত আছে।

ইয়াৰ ভিতৰত গোলাঘাট জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত ৪২ হাজাৰৰো অধিক লোক বানৰ কৱলত পৰিছে। ইয়াৰ পাছতে নগাঁৱত প্ৰায় ২০,০০০ আৰু শিৱসাগৰত ১৫,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে।

প্ৰশাসনে বানপীড়িতসকলৰ সহায়ৰ বাবে জিলাসমূহত মুঠ ৭৯ টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ চলাই আছে, য’ত বৰ্তমান ১৩,০১১ গৰাকী লোক আশ্ৰয় লৈ আছে। বানাক্ৰান্তসকলক চাউল, দাইল, খোৱা নিমখ আৰু সৰিয়হৰ তেল আদি প্ৰয়োজনীয় খাদ্য সামগ্ৰী নিৰন্তৰভাৱে বিতৰণ কৰা হৈছে।

উল্লেখ্য যে, বানৰ ফলত ৰাজ্যত প্ৰায় ১০,৮৮৪ হেক্টৰ কৃষি ভূমি আৰু বহু পথ, দলং তথা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ লগতে প্ৰায় ৩২,৯৪৪ টা ঘৰুৱা পশুপক্ষীও বানৰ দ্বাৰা প্ৰভাৱিত হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, বানত ক্ষতিগ্ৰস্ত হোৱা সম্পত্তিৰ মেৰামতি আৰু পুনৰ সংস্থাপনৰ বাবে ১০০০ কোটিৰো অধিক টকাৰ প্ৰয়োজন হ’ব পাৰে।