গুৱাহাটী: বিগত দিনৰ তুলনাত ৰাজ্যৰ বানপীড়িত জিলাকেইখনৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বৰ্তমানো কেইবালাখ লোক বানৰ কৱলৰ পৰা সম্পূৰ্ণ মুক্ত হ’ব পৰা নাই। ৰাজ্যত বানৰ কৱলত পৰি প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাই ১০৪ জন পাইছেহি।

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে (ASDMA) প্ৰকাশ কৰা দৈনিক বান সম্পৰ্কীয় বুলেটিন অনুসৰি, বৰ্তমান ৰাজ্যৰ নগাঁও, গোলাঘাট, শিৱসাগৰ, কামৰূপ, হোজাই, যোৰহাট আৰু লখিমপুৰ জিলাত বানৰ সংহাৰ অব্যাহত আছে। এই ৭খন জিলাৰ ২০টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩১৩খন গাঁৱৰ ৭৮,৬৩৭ গৰাকী লোক এতিয়াও বানপানীৰ কৱলত বন্দী হৈ আছে। ইফালে বানৰ ফলত ৰাজ্যৰ ৮,২৬৮.৭১ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে।

শেহতীয়া তথ্য অনুসৰি, শুকুৰবাৰে শিৱসাগৰ জিলাত বানৰ আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয়। বৰ্তমানলৈকে গোলাঘাট জিলাত সৰ্বাধিক ৩০ হাজাৰৰো অধিক লোক বানত আক্ৰান্ত হোৱাৰ বিপৰীতে নগাঁৱত ২৬,২৯২ জন আৰু শিৱসাগৰত ১২,৪৮০ গৰাকী লোক বানৰ ফলত দুৰ্দোগৰ সন্মুখীন হৈছে।

বানাক্রান্ত লোকসকলক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ বাবে প্ৰশাসনে তৎপৰতা অব্যাহত ৰাখিছে। ৰাজ্যৰ ৫খন জিলাত সৰ্বমুঠ ৬৮টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে, য’ত বৰ্তমান ১৬,৭০৩ গৰাকী ক্ষতিগ্ৰস্ত লোকক আশ্ৰয় দিয়া হৈছে। প্ৰশাসনে বানপীড়িতসকলক প্ৰয়োজনীয় খাদ্য সামগ্ৰী আৰু অন্যান্য সাহায্য একেৰাহে যোগান আহিছে।

ইফালে, বানপানীৰ প্ৰবল সোঁতত বিভিন্ন জিলাৰ মথাউৰি, পথ, দলং আৰু অন্যান্য গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে, যিটো পুনৰ নিৰ্মাণ কৰাটো প্ৰশাসনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।