গুৱাহাটীঃ বৰষুণৰ তাণ্ডৱ আৰু ওপৰতীৰৰ পৰা নামি অহা পানীৰ সোঁতে অসমৰ বান পৰিস্থিতি অতিশয় গুৰুতৰ কৰি তুলিছে। ৰাজ্যৰ কেইবাখনো জিলাত ব্ৰহ্মপুত্ৰকে ধৰি প্ৰধান নদ-নদীসমূহৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাত সাধাৰণ জনজীৱন স্তব্ধ হৈ পৰিছে।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)ৰ তথ্য অনুসৰি, বানাক্ৰান্ত অঞ্চলসমূহত হাজাৰ হাজাৰ লোকে ঘৰ-দুৱাৰ এৰি আশ্ৰয় ল'বলগীয়া হৈছে। বিশেষকৈ নদীৰ চৰা অঞ্চল আৰু নামনি অসমৰ একাংশ অংশত বানপানীয়ে ভয়াবহ ৰূপ লৈছে।
প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত সাহায্য সামগ্ৰী, শুকান খাদ্য আৰু বিশুদ্ধ খোৱাপানী বিতৰণৰ কাম যুদ্ধকালীন গতি চলাই গৈছে। বানাক্ৰান্তসকলৰ সুৰক্ষা আৰু আশ্ৰয়ৰ বাবে প্ৰয়োজনীয় স্থানত সাহায্য শিবিৰসমূহো মুকলি কৰা হৈছে। চিকিৎসা দল আৰু উদ্ধাৰকাৰী গোটসমূহক সতৰ্ক অৱস্থাত ৰখা হৈছে যাতে যিকোনো জৰুৰীকালীন পৰিস্থিতি মোকাবিলা কৰিব পৰা যায়।