গুৱাহাটী: অসমত বানৰ ভয়াবহতা অব্যাহত আছে। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও সম্পূৰ্ণকৈ উন্নত হোৱা নাই। অসম ৰাজ্যিক দুৰ্যোগ প্ৰবন্ধন কৰ্তৃপক্ষৰ (ASDMA) শেহতীয়া তথ্য অনুসৰি, ৰাজ্যখনত বানাক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাই ১০১ জন পাইছেগৈ।
বিগত ২৪ ঘণ্টাত শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত পুনৰ ১ গৰাকী লোকৰ বানৰ পানীত ডুব গৈ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। এই দুৰ্ভাগ্যজনক ঘটনাৰ লগে লগে এইবছৰৰ বানত সৰ্বমুঠ মৃত্যুৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি পালে।
প্ৰতিবেদন অনুসৰি, বৰ্তমানো ৰাজ্যৰ চাৰাইদেউ, দৰং, গোলাঘাট, যোৰহাট, কাৰ্বি আংলং, নগাঁও আৰু শিৱসাগৰ— এই ৭ খন জিলাৰ প্ৰায় ১,২৬,৪৩১ গৰাকী লোক বানৰ কৱলত আছে। ইয়াৰ ভিতৰত গোলাঘাট জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য'ত প্ৰায় ৭১,০০০ তকৈ অধিক লোক বানত আক্ৰান্ত হৈছে। ইয়াৰ পিছতে শিৱসাগৰত ২১,০০০ তকৈ অধিক আৰু যোৰহাটত ১৩,০০০ ৰো অধিক লোক বানপানীৰ মাজত দিন কটাইছে।
ৰাজ্যৰ প্ৰভাৱিত জিলাসমূহত প্ৰশাসন আৰু দুৰ্যোগ প্ৰতিৰোধী বাহিনীয়ে সাহায্য অব্যাহত ৰাখিছে। বৰ্তমান ৬ খন জিলাত প্ৰশাসনে সৰ্বমুঠ ৮৯ টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ পৰিচালনা কৰিছে, য'ত প্ৰায় ২৪,০০০ গৰাকী আশ্ৰয়হীন লোকক আশ্ৰয় দিয়া হৈছে।
বানপানীৰ ফলত ৰাজ্যৰ প্ৰায় ৪৫৮ টা গাঁৱৰ পানীৰ তলত দিন কটাবলগীয়া হৈছে আৰু প্ৰায় ১১,২৮৭ হেক্টৰৰো অধিক কৃষিভূমি নষ্ট হৈছে। ইয়াৰোপৰি বহু মথাউৰি, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনি বানৰ সোঁতত ক্ষতিগ্ৰস্ত হৈছে।
নদীসমূহৰ জলস্তৰৰ কথা ক'বল গ'লে, বৰ্তমান গোলাঘাট আৰু নুনিমাৰী অঞ্চলত ধনশিৰ নদী আৰু শ্ৰীভূমিত কুচিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। প্ৰশাসনে সমগ্ৰ পৰিস্থিতিটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু বানাক্ৰান্তসকলক সকাহ দিয়াৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আছে।