হায়দৰাবাদ: ৰাজ্যত বান পৰিস্থিতিৰ কিছু উন্নতি হৈছে যদিও বানৰ সংহাৰ অব্যাহত আছে। বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত মৃত লোকৰ সংখ্যা বৃদ্ধি পাইয়ে আছে। শুকুৰবাৰে পুনৰ শিৱসাগৰ জিলাৰ নাজিৰা আৰু চৰাইদেউ জিলাৰ সোণাৰিত বানত মৃত্যু হোৱা ২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

ইয়াৰ লগতে চলিত বৰ্ষৰ বানত ৰাজ্যত প্ৰাণ হেৰুওৱা লোকৰ সৰ্বমুঠ সংখ্যা ৮২ জনলৈ বৃদ্ধি পাইছে। ইফালে, শিৱসাগৰ, গোলাঘাট, যোৰহাট, নগাঁও আৰু চৰাইদেউ জিলাৰ ১৭ টা ৰাজহ চক্ৰৰ ৩৭৯ খন গাঁৱৰ ১,৯২,৭৯৯ গৰাকী লোক বৰ্তমানো বানৰ কৱলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) জৰিয়তে প্ৰকাশ পোৱা দৈনিক বান সম্পৰ্কীয় বুলেটিনত এই তথ্য পোহৰলৈ আহিছে।  

দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, বানৰ ফলত চৰাইদেউ জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত ৭৭,৪৫৬ গৰাকী লোক বানৰ ফলত প্ৰভাৱান্বিত হৈছে। ইয়াৰ পিছতে শিৱসাগৰ জিলাত ৬৩,৪৯২ গৰাকী আৰু যোৰহাটত ৩৪,০৬৭ গৰাকী লোক বানাক্ৰান্ত হৈছে। ইফালে, ৰাজ্যৰ ১৫,৪৩০ হেক্টৰ কৃষি ভূমি বৰ্তমানো পানীৰ তলত হৈ থকাৰ লগতে ১০,৮৫৫ টা পশুধন বানত আক্ৰান্ত হৈছে।  

বানাক্ৰান্ত জিলাসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। বৰ্তমানো মুঠ ৫৪ টা সাহায্য শিবিৰ কাৰ্যক্ষম হৈ আছে আৰু এই শিবিৰসমূহত প্ৰায় ১২,৯৯৪ গৰাকী নিৰাপত্তাহীন লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইয়াৰোপৰি সাহায্য সামগ্ৰী বিতৰণৰ বাবে ২৬ টা কেন্দ্ৰ মুকলি কৰা হৈছে, যিটোৰ জৰিয়তে ৫,৩৮৪ গৰাকী লোকক সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে। NDRF আৰু SDRF ৰ জোৱানসকলে উদ্ধাৰ আৰু সাহায্য কাৰ্যত অহৰ্নিশে নিয়োজিত হৈ আছে।