গুৱাহাটী: অসমত এতিয়াও সম্পূৰ্ণকৈ নিয়ন্ত্ৰণলৈ অহা নাই বান পৰিস্থিতি। যদিও ৰাজ্যৰ একাংশ স্থানত বানৰ পানী ক্ৰমান্বয়ে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে, তথাপিও ৰাজ্যৰ বহু জিলাত বানৰ বিভীষিকা অব্যাহত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA)
শেহতীয়া তথ্য অনুসৰি, ৰাজ্যৰ ১৫ খন জিলাৰ ৩৯ টা ৰাজহ চক্ৰ আৰু ৪৮১ খন গাঁও এতিয়াও বানৰ কৱলত আছে। শেহতীয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ৰাজ্যত বানজনিত কাৰণত আৰু দুগৰাকী লোকৰ মৃত্যু হোৱাৰ পিছত মুঠ মৃতকৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি পাইছে। বানৰ সংক্ৰান্তীয় এই শোকাৱহ ঘটনাই সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পেলাইছে।
কোন কোন জিলাসমূহ বেছিকৈ ক্ষতিগ্ৰস্ত?
ৰাজ্যৰ ক্ষতিগ্ৰস্ত ১৫ খন জিলাৰ ভিতৰত আছে— গোলাঘাট, শিৱসাগৰ, ওদালগুৰি, কামৰূপ (মেট্ৰপলন), কামৰূপ, নগাঁও, দৰং, শোণিতপুৰ, হোজাই, লখিমপুৰ, বিশ্বনাথ, যোৰহাট, চৰাইদেউ, কাৰ্বি আংলং আৰু ধেমাজি। ইয়াৰ ভিতৰত গোলাঘাট আৰু শিৱসাগৰ জিলাত বানৰ প্ৰভাৱ সৰ্বাধিক পৰিলক্ষিত হৈছে। তথ্য অনুসৰি, গোলাঘাটত প্ৰায় ৫৪,০০০ আৰু শিৱসাগৰত ৪৯,৫১৫ গৰাকী লোক বানাক্ৰান্ত হৈছে। ইয়াৰোপৰি যোৰহাটত ২৭,৮৪২ গৰাকী আৰু চৰাইদেউত ২১,৪৮৬ গৰাকী লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
ক্ষতিগ্ৰস্ত লোক আৰু শস্যভূমি:
ৰাজ্যজুৰি বৰ্তমান ১,৬৮,৭০১ গৰাকী লোক বানৰ কৱলত জীয়াতু ভুঞ্জি আছে। ইফালে, বানৰ পানীয়ে ৰাজ্যৰ ১৪,৩৮২.২৬ হেক্টৰ কৃষিভূমি আৰু শস্যক্ষেত্ৰ ডুবাই ৰাখিছে। ইয়াৰ লগতে বহু পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিও ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, নুমলীগড়ত ধনশিৰি নদীৰ জলৰাজী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি প্ৰাধিকৰণে প্ৰকাশ কৰিছে।
সাহায্য আৰু শিবিৰৰ অৱস্থা:
বানাক্ৰান্তসকলক আশ্ৰয় দিয়াৰ বাবে প্ৰশাসনে কেইবাখনো জিলাত সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। বৰ্তমান ৰাজ্যৰ ছখন জিলাত মুঠ ১৩৩ টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে, য’ত হাজাৰ হাজাৰ লোকক আশ্ৰয় আৰু সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িত অঞ্চলসমূহত নিৰন্তৰ সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে।