গুৱাহাটী: অসমৰ সাংস্কৃতিক জগতলৈ অনবদ্য অৱদান আগবঢ়াই অহা নমস্য ব্যক্তিসকলৰ সাধনা আৰু কৰ্মৰাজিক স্বীকৃতি জনাই ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিছে। সাংস্কৃতিক বিভাগে স্বকীয় চিন্তা-ভাৱনা আৰু থলুৱা কলা-সংস্কৃতিৰ প্ৰসাৰৰ বাবে আজীৱন সেৱা আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকললৈ এই বঁটাসমূহ আগবঢ়াইছে।


বুধবাৰে জনতা ভৱনৰ কাৰ্যালয় কক্ষত এক সংবাদমেল সম্বোধন কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই ২০২৫-২০২৬ বৰ্ষৰ বাবে নিৰ্বাচিত হোৱা এই বঁটাসমূহৰ সবিশেষ সদৰী কৰে।

কোন কোন ব্যক্তিয়ে লাভ কৰিছে বঁটা?

ৰাজ্য চৰকাৰে ঘোষণা কৰা বঁটাসমূহৰ ভিতৰত আছে ক্ৰমে— প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'আজান পীৰ বঁটা', ৰাজ্যিক পৰ্যায়ৰ 'সতী সাধনী বঁটা' আৰু বাৰ্ষিক 'বিষ্ণু ৰাভা বঁটা'।

১. আজান পীৰ বঁটা: জিকিৰ আৰু জাৰি গীতৰ সাধক তথা গোলাঘাট জিলাৰ নাহৰণি কুৰিঘৰীয়াৰ বিশিষ্ট শিল্পী চামছুদ্দিন আহমেদলৈ ২০২৫ বৰ্ষৰ আজান পীৰ বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত ৩ লাখ টকাৰ আৰ্থিক অনুদান দিয়া হয়।  

২. সতী সাধনী বঁটা: তেজপুৰৰ নিবাসী বিশিষ্ট লেখিকা তথা সাহিত্যিক গীতা উপাধ্যায়লৈ ২০২৬ বৰ্ষৰ সতী সাধনী বঁটা ঘোষণা কৰা হৈছে। এই বঁটাত ২ লাখ টকা প্ৰদান কৰা হ'ব।  

৩. বিষ্ণু ৰাভা বঁটা: ২০২৬ বৰ্ষৰ বাবে জনপ্ৰিয় এই বঁটা দুগৰাকী বিশিষ্ট ব্যক্তিলৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে। মাজুলীৰ সত্ৰীয়া শিল্পী তথা সাধক মাণিক বৰবায়ন আৰু গোৱালপাৰাৰ প্ৰখ্যাত চিত্ৰশিল্পী মধুসূদন দাসলৈ এই বঁটা সন্মানেৰে ভূষিত কৰা হ'ব। বিষ্ণু ৰাভা বঁটাপ্ৰাপকসকলেও ২ লাখকৈ টকা লাভ কৰিব। 

ক’ত আৰু কেতিয়া প্ৰদান কৰা হ’ব বঁটা?

আগন্তুক ২০ জুন তাৰিখে মহানগৰী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ উদ্যোগত জতাড়ড়ভাৱে অনুষ্ঠিত হ'বলগীয়া কলাগুৰু বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব। চৰকাৰৰ এই পদক্ষেপে ৰাজ্যৰ শিল্প, সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িত সাধকসকলৰ কৰ্মৰাজিক সঠিক মৰ্যাদা প্ৰদান কৰিব বুলি সাংস্কৃতিক মহলত চৰ্চা লাভ কৰিছে।