গুৱাহাটী — সমগ্ৰ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা NEET-UG পৰীক্ষাৰ কেলেংকাৰী আৰু বিসংগতিৰ বিৰুদ্ধে ৰাজ্যত গঢ়ি উঠা আন্দোলনৰ পাছত এক ডাঙৰ আইনী সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে মাত মাতি গ্ৰেপ্তাৰ তথা আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হোৱা প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ৰুজু হোৱা সকলো ধৰণৰ অপৰাধমূলক গোচৰ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে।
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই প্ৰতিবাদৰ সৈতে জড়িত হৈ ৰাজ্যজুৰি মুঠ ৫ টা গোচৰ ৰুজু কৰা হৈছিল আৰু ১৩ জনৰো অধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। পিছে নীতিগত দিশ আৰু শিক্ষা ব্যৱস্থাৰ সংস্কাৰ প্ৰক্ৰিয়াক গুৰুত্ব দি ২৬ জুলাইৰ বিয়লি ৬ বজালৈকে পঞ্জীয়ন হোৱা এনে সকলো গোচৰ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
কাৰ বিৰুদ্ধে প্ৰত্যাহাৰ কৰা হ’ল গোচৰ?
গ্ৰেপ্তাৰ হোৱা আৰু গোচৰত অভিযুক্ত হোৱা লোকসকলৰ ভিতৰত অধিবক্তা আৰিফুল ইছলাম, খাদ্য যোগানকাৰী প্ৰতিষ্ঠানৰ কৰ্মী চিন্ময় ডেকা, আমিৰ আলী, মুস্তাহিদ আহমেদ, মেহদী আলমৰ লগতে লখিমপুৰৰ তিনিজন ছাত্ৰ— মঞ্জুৰ ৰহমান, আশ্ৰাফুল ইছলাম, আব্দুল কাছেম আৰু নগাঁও জিলাৰ কংগ্ৰেছ মুখপাত্ৰ বিৰিঞ্চি বৰা আদি উল্লেখযোগ্য।
ছাত্ৰ সংগঠন SFI আৰু Citizens for Justice and Peace (CJP) ৰ ছত্ৰচ্ছায়াত অনুষ্ঠিত এই প্ৰতিবাদসমূহত আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ একাধিক ধাৰাত বিচাৰ চলাইছিল।
আইনী ব্যৱস্থা আৰু ৰাজনৈতিক প্ৰতিক্ৰিয়া
গৃহ বিভাগে স্পষ্ট কৰি দিয়ে যে, এই নিৰ্দিষ্ট ঘটনাৱলীৰ আধাৰত কোনো প্ৰতিবাদকাৰীৰে বিৰুদ্ধে ভৱিষ্যতে কোনো ধৰণৰ প্ৰতিকূল আইনী পদক্ষেপ গ্ৰহণ কৰা নহ’ব। একেদৰে কাৰাগাৰত বন্দী হৈ থকা লোকসকলৰ মুক্তিৰ প্ৰক্ৰিয়াও আইন অনুসৰি খৰতকীয়াভাৱে সম্পূৰ্ণ কৰা হ'ব।
বিহাৰ চৰকাৰৰ পাছতেই অসম চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক প্ৰতিবাদী সংগঠনসমূহে আদৰণি জনাইছে। চৰকাৰৰ এই পদক্ষেপৰ ফলত NEET-UG প্ৰতিবাদক কেন্দ্র কৰি ৰাজ্যত চলি থকা দীৰ্ঘদিনীয়া আইনী সংঘাত আৰু উত্তপ্ত পৰিস্থিতিৰ আনুষ্ঠানিকভাবে অন্ত পৰিল।