গুৱাহাটী/কলিকতা:বিশ্ববরেণ্য শিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত কলিকতাৰ টালিগঞ্জৰ বাসগৃহটো ক্ৰয় কৰি এক হেরিটেজ স্মাৰক হিচাপে সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপনৰ পবিত্ৰ ক্ষণত এই ঐতিহাসিক উদ্যোগ গ্ৰহণ কৰা হৈছে।
টালিগঞ্জৰ ৭৭বি, গল্ফ ক্লাব ৰোডৰ (77B Golf Club Road) এই বাসগৃহটোতে সুধাকণ্ঠই তেওঁৰ সংগীত জীৱনৰ এক অন্যতম গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰিছিল।
অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ যোগেদি নিশ্চিত কৰে যে, ভূপেনদাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় কলিকতাৰ সৈতে জড়িত আছিল।
মুখ্যমন্ত্রী ড° শৰ্মাই কয়, "যি সময়ত জনপ্ৰিয়তা কেৱল সামাজিক মাধ্যমৰ লাইক বা ভাইৰেল হোৱাত আবদ্ধ নাছিল, সেই সময়তেই ড° ভূপেন হাজৰিকাৰ সুৰীয়া কণ্ঠ আৰু মানৱতাৰ আদৰ্শে লাখ লাখ মানুহৰ হৃদয় জয় কৰিছিল। তেওঁৰ কণ্ঠ আছিল অসমক সমগ্ৰ দেশৰ সৈতে সংযোগ কৰা এক শক্তিশালী সুৰৰ সেতু। সংগীত অসমৰ হ'লেও সুধাকণ্ঠৰ উত্তৰাধিকাৰ গোটেই দেশৰে।"
উল্লেখ্য যে, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ এই শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান দেশৰ ৰাজধানী নতুন দিল্লীৰ ভাৰত মণ্ডপমত জাকজমকতাৰে আয়োজন কৰা হ'ব। সমগ্ৰ দেশে সুধাকণ্ঠৰ অমৰ সৃষ্টিৰাজিক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ এই বিশেষ সময়তে টালিগঞ্জৰ বাসগৃহ সংৰক্ষণৰ উদ্যোগে অসম আৰু পশ্চিমবঙ্গৰ সাংস্কৃতিক সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।