হায়দৰাবাদ / গুৱাহাটী: ৰাজ্যত আকৌ এক নতুন বানপানীয়ে প্ৰলয় সৃষ্টি কৰাৰ আশংকাই দেখা দিছে। শেহতীয়াকৈ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ (IMD) আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। সেই জাননী অনুসৰি, আজি ৩০ জুলাইৰ পৰা ১ আগষ্টলৈকে সমগ্ৰ অসমৰ বিভিন্ন স্থানৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ বিভিন্ন জিলাত প্ৰচণ্ড ধাৰাসাৰ বৰষুণৰ লগতে বজ্ৰপাত আৰু ধুমুহাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, অৰুণাচল প্ৰদেশৰ পূব ছিয়াং, লোহিত, নামচাই, লংডিং, পাপুম্পাৰে, নামনি সোৱণশিৰি আৰু নামনি দিবাং উপত্যকাত প্ৰচণ্ড বৰষুণ হোৱাৰ পূৰ্বাভাস দিয়া হৈছে। ইয়াৰ ফলত সৃষ্টি হ'ব পৰা জলপ্ৰবাহৰ প্ৰভাৱ উজনি অসমৰ তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাত অধিক মাত্ৰাত পৰিব পাৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাকী বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ তিনিচুকীয়া জিলাৰ বাবে 'অৰেঞ্জ এলাৰ্ট' (Orange Alert) জাৰি কৰিছে।

ইফালে, নাগালেণ্ডৰ মন, মোককচাং আৰু ওখা জিলাতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। এই অঞ্চলসমূহৰ প্ৰচণ্ড বৰষুণ আৰু নামনিমুখী পানীৰ ঢলে অসমৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহতো প্ৰভাৱ পেলাব বুলি আশঙ্কা কৰা হৈছে। বতৰ বিভাগৰ মতে, প্ৰভাৱিত অঞ্চলসমূহত দৈনিক ৬ ছেমিৰ পৰা ১১ ছেমিতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

প্ৰশাসনৰ সতৰ্কতামূলক ব্যৱস্থা আৰু জনসাধাৰণলৈ আহ্বান:

বতৰ বিজ্ঞান কেন্দ্ৰৰ এই ভয়াৱহ আগজাননীৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) সংশ্লিষ্ট জিলাসমূহৰ প্ৰশাসনক সম্পূৰ্ণৰূপে সজাগ আৰু সাজু থাকিবলৈ নিৰ্দেশ দিছে। লগতে ৰাজ্যবাসীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাকি কেইটামন জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে: 

 প্ৰয়োজন নহ'লে ধাৰাসাৰ বৰষুণৰ সময়ত অনাৱশ্যকীয় যাতায়াত পৰিহাৰ কৰক।

নিম্নভূমি, বানপানী প্ৰৱণ অঞ্চল আৰু পাহাৰৰ ঢালত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ আশ্ৰয় ল'বলৈ কোৱা হৈছে।  

কৃত্রিম বানপানী, যান-বাহন চলাচলত বাধা আৰু পাহাৰীয়া অঞ্চলত স্থানীয় ভূমিস্খলনৰ সম্ভাৱনা থকা বাবে সাৱধান হ'বলৈ অনুৰোধ জনোৱা হৈছে। 

 পৰিস্থিতিৰ শেহতীয়া খবৰ ল'বলৈ জনসাধাৰণক ASDMA ৰ অফিচিয়েল ৱেবছাইট আৰু চৰ্তীয় ছ'চিয়েল মিডিয়া হেণ্ডেলসমূহ নিয়মীয়াকৈ অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।