উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই সভাত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কেবিনেট মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঞি আৰু নাজিৰাৰ বিধায়ক ময়ুৰ বৰগোহাঞিও উপস্থিত আছিল। সভাত বানৰ পিছৰ পৰিস্থিতি, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহাৰ্যৰ প্ৰগতি, শিৱসাগৰ চহৰৰ পৰা পানী নিষ্কাশন (Dewatering) আৰু অন্যান্য সাহায্যমূলক ব্যৱস্থা সমূহৰ গভীৰ পৰ্যালোচনা কৰা হয়।
জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈ জিলাখনৰ প্ৰায় ৪৩,০০০ গৰাকী বানাক্ৰান্ত পৰিয়ালে অসম চৰকাৰৰ তৰফৰ পৰা ১৫,০০০ টকাকৈ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য লাভ কৰিছে। মন্ত্ৰী হাজৰিকাই জিলা প্ৰশাসনক স্পষ্ট নিৰ্দেশ দিয়ে যাতে কোনো যোগ্য উপভোক্তা এই সাহায্যৰ পৰা বঞ্চিত নহয় আৰু অতি সোনকালে সকলো eligible ব্যক্তিয়ে ধনৰ সাহায্য লাভ কৰে। ইয়াৰ পাশাপাশি বিভিন্ন বিভাগৰ মাজত সুসমন্বয় ৰক্ষা কৰি পুনৰ সংস্থাপনৰ কাম ত্বৰান্বিত কৰিবলৈও তেওঁ নির্দেশ দিয়ে।
উল্লেখ্য যে, বিগত কেইদিন ধৰি মন্ত্ৰী পীযুষ হাজৰিকা শিৱসাগৰ আৰু চৰাইদেউ জিলাত কেম্প কৰি বান সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম নিৰীক্ষণ কৰি আহিছে। তেওঁ বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে দুৰ্ভগীয়া ৰাইজৰ খবৰ লৈছে। বানত সম্পূৰ্ণৰূপে ঘৰবাৰী হেৰুৱাই পেলোৱা পৰিয়ালসমূহৰ বাবে অস্থায়ী আশ্ৰয় শিবিৰ বা ঘৰ নিৰ্মাণৰ বাবেও জিলা প্ৰশাসনে ইতিমধ্যে পদক্ষেপ হাতত লৈছে বুলি জানিব পৰা গৈছে।