গুৱাহাটী: নিজাকৈ উপগ্ৰহ নিৰ্মাণ আৰু উৎক্ষেপণৰ জগতত এক ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰাৰ দিশে অগ্ৰসৰ হৈছে অসম। ৰাজ্য চৰকাৰে নিজা আৰ্থ অবজাৰ্ভেচন ছাটেলাইট অৰ্থাৎ ‘AssamSAT’ নিৰ্মাণৰ বাবে এজন উপযুক্ত ব্যক্তিগত খণ্ডৰ অংশীদাৰ বাছনিৰ কাম ইতিমধ্যে অন্তিম পৰ্যায়ত পেলাইছেহি। দেওবাৰে ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ (National Space Day) দিনটোতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি এক গুৰুত্বপূৰ্ণ আপডেট শ্বেয়াৰ কৰে।
মুখ্যমন্ত্ৰীয়ে দাবী কৰা মতে, এই প্ৰকল্প বাস্তৱায়িত হ’লে নিজা ভূ-পৰ্যবেক্ষণ ব্যৱস্থা (Earth Observation System) থকা ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ব অসম।
DBLOTT মডেলৰ অধীনত হ’ব কাম:
ছ’চিয়েল মিডিয়া যোগে প্ৰকাশ কৰা বাৰ্তাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে এই সমগ্ৰ প্ৰক্ৰিয়াটো ‘DBLOTT’ মডেলৰ অধীনত ৰূপায়ন কৰা হ’ব। ইয়াৰ অৰ্থ হৈছে ডিজাইন (Design), নিৰ্মাণ (Build), উৎক্ষেপণ (Launch), পৰিচালনা (Operate), প্ৰশিক্ষণ (Train) আৰু স্থানান্তৰ (Transfer)। চলতি বৰ্ষৰ আৰম্ভণিতে চৰকাৰে এই মডেলৰ অধীনত এজন অংশীদাৰ নিৰ্বাচনৰ বাবে ইমপ্ৰেছন অৱ ইন্টাৰেষ্ট (EoI) আহ্বান কৰিছিল। ভাৰতৰ বিভিন্ন আগশাৰীৰ ব্যক্তিগত মহাকাশ খণ্ডৰ কোম্পানীসমূহৰ পৰা ইয়াৰ প্ৰতি প্ৰবল সঁহাৰি পোৱা গৈছে বুলি তেওঁ উল্লেখ কৰে। বৰ্তমান নিবেদিত সমিতিসমূহে এই প্ৰস্তাৱসমূহৰ পুংখানুপুংখ মূল্যায়ন কৰি আছে।
মহাকাশ প্ৰযুক্তি খণ্ডত এক নতুন যুগ:
‘AssamSAT’ প্ৰকল্পে ৰাজ্যখনৰ প্ৰশাসন আৰু শাসন ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। এতিয়ালৈকে অসম উপগ্ৰহ তথ্যৰ কেৱল ব্যৱহাৰকাৰী আছিল যদিও এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যখন মহাকাশ প্ৰযুক্তিৰ পৰিবেশতন্ত্ৰত (Space-tech Ecosystem) সক্ৰিয় অংশীদাৰ হিচাপে পৰিণত হ’ব।
এই উপগ্ৰহৰ জৱিয়তে বানপ্ৰতিৰোধ, কৃষি উন্নয়ন, সীমান্ত সুৰক্ষা ব্যৱস্থাপনা, দুৰ্যোগ প্ৰতিৰোধ আৰু বিভিন্ন গুৰুত্বপূৰ্ণ সামাজিক-আৰ্থিক প্ৰকল্পসমূহ ত্বৰান্বিত কৰাত সহায়ক হোৱাকৈ দ্ৰুত আৰু সঠিক তথ্য লাভ কৰা সম্ভৱ হ’ব। ই শাসন ব্যৱস্থাক অধিক তথ্যভিত্তিক (Evidence-based governance) কৰি তোলাত সহায় কৰিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে।