গুৱাহাটী: ৰাজ্যত বতৰৰ পৰিৱৰ্তন অব্যাহত থকাৰ সময়তে বতৰ বিজ্ঞান বিভাগে এক গুৰুত্বপূৰ্ণ আগজাননী প্ৰকাশ কৰিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, আগন্তুক পাঁচ দিনলৈ অসমৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।
মনছুম সক্ৰিয় হৈ থকাৰ ফলত ৰাজ্যৰ অধিকাংশ অঞ্চলতে মেঘাচ্ছন্ন বতৰ বিৰাজ কৰাৰ লগতে কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ খবৰ পোৱা গৈছে। বতৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে, এই বৰষুণৰ ধাৰা কেৱল অব্যাহতেই নাথাকিব, বৰং ইয়াৰ লগতে ৰাজ্যৰ কিছুমান নিৰ্দিষ্ট স্থানত বজ্ৰপাত আৰু তীব্ৰ বিজুলী-ঢেৰেকনিৰ সৈতে প্ৰবল বৰষুণ হোৱাৰো তীব্ৰ আশংকা আছে।
বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয় হৈ থকা বতৰৰ গতি-প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাকি প্ৰশাসন আৰু জনসাধাৰণক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত নিম্ন অঞ্চলসমূহত জলমগ্ন পৰিস্থিতি বা কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ প্ৰতিও সতৰ্ক দৃষ্টি ৰাখিবলৈ কোৱা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণীৰ পিছতে কৃষক সমাজ আৰু সাধাৰণ নাগৰিকসকলক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে।