প্ৰথম টেষ্টত ৱেদাৰেল্ডৰ প্ৰদৰ্শন অতি হতাশাজনক আছিল। তেওঁ এই খেলখনৰ দুই ইনিংছত ক্ৰমে ২৩ আৰু ০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ধাৰাবাহিকভাৱে ব্যৰ্থতা আৰু বেটিঙৰ দুৰ্বলতাৰ বাবে নির্বাচকসকলে তেওঁক দলৰ পৰা বাহিৰ কৰাৰ সিদ্ধান্ত লয়।
আনহাতে, মেথিউ ৰেনশ্ব প্ৰায় তিনি বছৰৰ পাছত পুনৰ টেষ্ট দললৈ উভতিছে। ২০২৩ চনত ভাৰতৰ বিৰুদ্ধে দিল্লী টেষ্টত শেষবাৰৰ বাবে খেলা ৰেনশ্বৱে শেহতীয়াকৈ শেফিল্ড শ্বিল্ডত যথেষ্ট ভাল প্ৰদৰ্শন দাঙি ধৰিছিল। তেওঁৰ অভিজ্ঞতাক লৈ অষ্ট্ৰেলিয়া দল অতিকৈ আশাবাদী।
দলৰ প্ৰশিক্ষক এণ্ড্ৰিউ মেকডোনাল্ডে জনাইছে যে দলৰ টপ অৰ্ডাৰৰ সমস্যা সমাধানৰ বাবে এই পৰিৱৰ্তন প্ৰয়োজন আছিল। অহা ২২ আগষ্টৰ পৰা মেকাইত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় টেষ্টখনত অষ্ট্ৰেলিয়াই শৃংখলাটো সমতা কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব।