তেজপুৰ: অসমত সংঘটিত হৈছে এক অতিকৈ লাজ লগা আৰু মর্মান্তিক ঘটনা। নিজৰ তেজৰ সম্পৰ্কক লজ্জিত কৰি নাতিনীক বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে তেজপুৰৰ এজন ককাকৰ বিৰুদ্ধে। এই ঘটনাৰ লগত জড়িত মূল অভিযুক্ত বাবুল আলীক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা মহাভৈৰৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰে প্ৰকাশ পোৱা তথ্য অনুসৰি, তেজপুৰৰ পৰোৱা খনামুখ অঞ্চলৰ এগৰাকী মাতৃয়ে নিজৰ কণমানি কন্যা সন্তানটো দীৰ্ঘদিন ধৰি সন্ধানহীন হৈ থকাৰ পিছত মহাভৈৰৱ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল। প্ৰায় এমাহ ধৰি শিশুটি নিৰুদ্দেশ হৈ থকাৰ পিছতে মাতৃয়ে সন্দেহ প্ৰকাশ কৰি আৰক্ষীৰ ওচৰত অভিযোগ কৰে যে, তেওঁৰ কন্যাক নিজৰ ককাক বাবুল আলীয়েই ক’ৰবাত বিক্ৰী কৰি দিছে।

মাত্ৰীৰ এই চাঞ্চল্যকৰ অভিযোগৰ ভিত্তিতে তৎপৰ হৈ পৰে মহাভৈৰৱ আৰক্ষী। আৰক্ষীয়ে ততাতৈয়াকৈ তদন্ত আৰম্ভ কৰি প্ৰথমে শিশুটিৰ আইতাকক আটক কৰি জেৰা চলায়। ইফালে, আৰক্ষীৰ হাতত তথ্য পৰিছে বুলি গম পাই অভিযুক্ত বাবুল আলীয়ে পৰিস্থিতিৰ পৰা হাত সৰিবলৈ আৰু গ্ৰেপ্তাৰৰ ভয়ত বাংগালুৰুলৈ পলায়নৰ পৰিকল্পনা কৰিছিল।

কিন্তু আৰক্ষীৰ সজাগ দৃষ্টিৰ বাবে তেওঁৰ সেই চেষ্টা বিফল হয়। বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিমানত উঠি পলাই যাবলৈ লওঁতেই আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়। প্ৰাথমিক জেৰাত অভিযুক্তই নাতিনীক অৰুণাচল প্ৰদেশত বিক্ৰী কৰি দিয়াৰ কথা স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। সম্প্ৰতি আৰক্ষীয়ে শিশুটি উদ্ধাৰৰ বাবে আৰু এই মানৱ সৰবৰাহ চক্ৰৰ লগত আন কোন কোন জড়িত আছে সেই বিষয়ে গভীৰ তদন্ত অব্যাহত ৰাখিছে।